গুৱাহাটী, ২৯ নৱেম্বৰ(হি.স.)। অসমৰ নৱনিৰ্বাচিত পাঁচগৰাকী বিধায়কে শুকুৰবাৰে বিধায়কৰ শপত গ্ৰহণ কৰে। সন্ধিয়া ৪ বজাত নতুন অসম বিধানসভাভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত শপত লয় বিহালী, বঙাইগাঁও, চিদলী, ধলাই আৰু চামগুৰি সমষ্টিত বিজয়ী হোৱা নৱনিৰ্বাচিত বিধায়কসকলে। শপত বাক্য পাঠ কৰায় বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।
নৱনিৰ্বাচিত পাঁচজন বিধায়কৰ ভিতৰত বিজেপিৰ তিনিজন হোৱাৰ বিপৰীতে শাসকীয় বিজেপি নেতৃত্বাধীন মিত্ৰ দল- অসম গণ পৰিষদ(অগপ) আৰু ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইউপিপিএল)ৰ এজনকৈ বিধায়কে শপতগ্ৰহণ কৰে।
আজি শপত গ্ৰহণ কৰা বিধায়ক কেইগৰাকী হ’ল বিহালীৰ বিজেপি বিধায়ক দিগন্ত ঘাটোৱাৰ, চামুগুৰিৰ বিজেপি বিধায়ক দীপ্লু ৰঞ্জন শৰ্মা, ঢলাই সমষ্টিৰ বিজেপি বিধায়ক নিহাৰ ৰঞ্জন দাস, ছিদলীৰ পৰা ইউপিপিএলৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু বঙাইগাঁৱৰ অগপ বিধায়ক দীপ্তিময়ী চৌধুৰী।
শপত গ্ৰহণ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওৰ কেবিনেট সতীৰ্থ সকল উপস্থিত আছিল।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ