পাকিস্তানত আদিয়ালা জেলৰ বন্দীক সাক্ষাৎ কৰাৰ নিষেধাজ্ঞা বৃদ্ধি, প্রাক্তন প্রধানমন্ত্রী ইমৰাণ খানৰ ক্ষেত্ৰতো প্রযোজ্য নিষেধাজ্ঞা
ইছলামাবাদ, ২২ অক্টোবৰ (হি.স.)। পাকিস্তানত আদিয়ালা জেল (ৰাৱালপিণ্ডি চেণ্ট্ৰেল জেইল)ৰ বন্দীসকলক লগ পোৱাৰ নিষেধাজ্ঞা বৃদ্ধি কৰা হৈছে। এই কাৰাগাৰ পঞ্জাৱ প্ৰদেশত অৱস্থিত। নিৰাপত্তাজনিত চিন্তাৰ উদ্ধৃতি দি পঞ্জাৱ চৰকাৰে পুনৰবাৰ আদিয়ালা কাৰাগাৰত কয়দীক সাক
ইমৰাণ খান। ফটো ফাইল


ইছলামাবাদ, ২২ অক্টোবৰ (হি.স.)। পাকিস্তানত আদিয়ালা জেল (ৰাৱালপিণ্ডি চেণ্ট্ৰেল জেইল)ৰ বন্দীসকলক লগ পোৱাৰ নিষেধাজ্ঞা বৃদ্ধি কৰা হৈছে। এই কাৰাগাৰ পঞ্জাৱ প্ৰদেশত অৱস্থিত। নিৰাপত্তাজনিত চিন্তাৰ উদ্ধৃতি দি পঞ্জাৱ চৰকাৰে পুনৰবাৰ আদিয়ালা কাৰাগাৰত কয়দীক সাক্ষাৎ কৰাত অনিৰ্দিষ্টকালীন নিষেধাজ্ঞা আৰোপ কৰিছে।

ডন কাকতে সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি এই নিষেধাজ্ঞা ৰাজনৈতিক বন্দীকে ধৰি সকলো কয়দীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব আৰু পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে এই নিষেধাজ্ঞা চলি থাকিব। ইয়াৰ পূৰ্বে পঞ্জাৱ চৰকাৰে আদিয়ালা জেলৰ কয়দীসকলক ৪ অক্টোবৰৰ পৰা ১৮ অক্টোবৰলৈ দৰ্শনাৰ্থীক সাক্ষাৎ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। ইয়াৰ পিছত দুদিনৰ বাবে নিষেধাজ্ঞা বৃদ্ধি কৰা হয়। এতিয়া ইয়াক অনিৰ্দিষ্টকাললৈ বৃদ্ধি কৰা হৈছে।

বিষয়াসকলৰ মতে, পাকিস্তান তেহৰিক-ই-ইনছাফ (পিটিআই)ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ইমৰাণ খান আৰু তেওঁৰ পত্নী বুছৰা বিবিকে ধৰি সকলো উচ্চ পদস্থ ৰাজনৈতিক বন্দীৰ ক্ষেত্ৰতো এই সাক্ষাৎ নিষেধাজ্ঞা প্ৰযোজ্য হ’ব।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande