গাজা আৰু লেবাননৰ বিষয়ে আলোচনা কৰিবলৈ ইজৰাইলত উপস্থিত আমেৰিকাৰ বিদেশ মন্ত্ৰী ব্লিংকেন
টেল আভিভ, ২২ অক্টোবৰ (হি.স.)। গাজা আৰু লেবাননৰ যুদ্ধ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেন আজি ইজৰাইলত উপস্থিত হয়। তেওঁ আশা কৰিছে যে অতি সোনকালে গাজাত যুদ্ধবিৰতি হ’ব। ইজৰাইলৰ পিছত বুধবাৰে জৰ্ডান ভ্ৰমণ কৰিব ব্লিংকেনে।
আমেৰিকাৰ বিদেশ মন্ত্ৰী ব্লিংকেন


টেল আভিভ, ২২ অক্টোবৰ (হি.স.)। গাজা আৰু লেবাননৰ যুদ্ধ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেন আজি ইজৰাইলত উপস্থিত হয়। তেওঁ আশা কৰিছে যে অতি সোনকালে গাজাত যুদ্ধবিৰতি হ’ব। ইজৰাইলৰ পিছত বুধবাৰে জৰ্ডান ভ্ৰমণ কৰিব ব্লিংকেনে।

ইজৰাইলত আমেৰিকাৰ বিদেশ মন্ত্ৰীগৰাকীৰ আগমনৰ সবিশেষ তথ্য প্ৰকাশ কৰিছে টাইমছ অৱ ইজৰাইলৰ এক্স হেণ্ডেলত। ইয়াত কোৱা হৈছে যে কিছুদিনৰ পূৰ্বে গাজা আৰু লেবাননৰ যুদ্ধ পৰিস্থিতিৰ ওপৰত শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ বাবে ব্লিংকেনে ইজৰাইলত উপস্থিত হৈছিল। লেবাননৰ যুদ্ধৰ আগতীয়া অন্ত পেলাবলৈ আহ্বান জনাইছে আমেৰিকা প্ৰশাসনে। এই কথা-বতৰাত ব্লিংকেনে গাজাত যুদ্ধবিৰতিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সম্ভাৱনা আছে ।

এবছৰতকৈও অধিক পূৰ্বে ইজৰাইলৰ ওপৰত হামাছে আক্ৰমণৰ পিছত গাজা যুদ্ধ আৰম্ভ হোৱাৰ পিছত এইটোৱেই আছিল তেওঁৰ ১১ সংখ্যক মধ্যপ্ৰাচ্য ভ্ৰমণ আৰু যোৱা মাহৰ শেষৰ ফালে হিজবুল্লাহৰ সৈতে ইজৰাইলৰ সংঘাত তীব্ৰতৰ হোৱাৰ পিছত তেওঁৰ প্ৰথমটো ভ্ৰমণ আছিল বুলি সবিশেষত উল্লেখ কৰা হৈছে। ইজৰাইলৰ পিছত বুধবাৰে জৰ্ডান ভ্ৰমণ কৰি গাজা ষ্ট্ৰিপৰ বাবে মানৱীয় সাহায্যৰ বিষয়ে আলোচনা কৰিব ব্লিংকেনে। টাইমছ অৱ ইজৰাইলৰ তথ্য অনুসৰি হিজবুল্লাই উত্তৰ ইজৰাইললৈ ১৫টা ৰকেট নিক্ষেপ কৰিছিল। ইজৰাইলৰ নিৰাপত্তা বাহিনীয়ে (আই ডি এফ) ইয়াৰে কিছুমানক আটক কৰে।

আইডিএফৰ অফিচিয়েল এক্স হেণ্ডেলৰ তথ্য অনুসৰি লেবাননৰ ৰাজধানী বেইৰুটৰ হাছান নাছৰল্লাহৰ বাংকাৰৰ পৰা লাখ লাখ ডলাৰৰ সোণ আৰু নগদ ধন উদ্ধাৰ কৰা হৈছে। বেইৰুটৰ মাজমজিয়াত অৱস্থিত আল-ছাহেল হাস্পতাল চৌহদত আছিল এই বাংকাৰটো। উল্লেখযোগ্য যে শেহতীয়াকৈ হিজবুল্লাহ নেতা হাছান নছৰল্লাহক হত্যা কৰা হৈছে। আইডিএফৰ মতে, হিজবুল্লাই নিজৰ বাহনত ৰকেট লঞ্চাৰ কঢ়িয়াই লৈ ফুৰে। তেনে এখন বাহন জব্দ কৰিছে আইডিএফে। ইজৰাইলৰ নিৰাপত্তা বাহিনীয়ে বেইৰুটৰ কেইবা ডজন হিজবুল্লাহৰ লক্ষ্যত আক্ৰমণ চলাইছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande