লিবিয়াৰ পৰা স্বদেশলৈ উভতিল ১৫৭ জন বাংলাদেশী
ঢাকা, ২২ অক্টোবৰ (হি.স.)। সাগৰৰ মাজেৰে অবৈধভাৱে লিবিয়াত প্ৰৱেশ কৰা বাংলাদেশৰ ১৫৭ জন নাগৰিক আজি স্বদেশলৈ প্ৰত্য়াৰ্পন কৰে। মানৱ সৰবৰাহকাৰীৰ দুষ্ট চক্ৰত আবদ্ধ হৈ আটাইকেইজনেই তাত উপস্থিত হয়। বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ প্ৰকাশৰ উদ্ধৃতি দি ঢাকা ট্ৰিবিউ
বাংলাদেশৰ নাগৰিকক চাৰ্টাৰ্ড বিমানেৰে ঢাকালৈ অনা হয়। ফটো ইণ্টাৰনেট মিডিয়া


ঢাকা, ২২ অক্টোবৰ (হি.স.)। সাগৰৰ মাজেৰে অবৈধভাৱে লিবিয়াত প্ৰৱেশ কৰা বাংলাদেশৰ ১৫৭ জন নাগৰিক আজি স্বদেশলৈ প্ৰত্য়াৰ্পন কৰে। মানৱ সৰবৰাহকাৰীৰ দুষ্ট চক্ৰত আবদ্ধ হৈ আটাইকেইজনেই তাত উপস্থিত হয়। বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ প্ৰকাশৰ উদ্ধৃতি দি ঢাকা ট্ৰিবিউন কাকতে নিজৰ ৱেবছাইটত প্ৰকাশ কৰিছে এই খবৰ।

বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ মুক্তিৰ সময়তে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ত্ৰিপলীত থকা বাংলাদেশৰ দূতাবাস আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন সংস্থা (আই অ’ এম)ৰ যৌথ প্ৰচেষ্টাৰ বাবেই তেওঁলোকৰ উভতি অহা সম্ভৱ হৈছে বুলি জানিবলৈ দিয়ে। এই আটাইকেইজন নাগৰিকে বুৰাক এয়াৰৰ চাৰ্টাৰ্ড বিমান (ইউজেড ০২২২)ৰে উভতি আহিছিল। আজি পুৱা ৪:২৫ বজাত হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে বিমানখন।

বিমানবন্দৰত সকলোকে আদৰণি জনায় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু আই অ’ এমৰ বিষয়াসকলে। বৈদেশিক মন্ত্ৰালয়ে কয় যে তেওঁলোকৰ বহুতেই লিবিয়াত দুৰ্ব্যৱহাৰৰ সন্মুখীন হৈছে। এই প্ৰতিজন লোকক আই অ’ এমৰ তৰফৰ পৰা ৬,০০০ টাকা, খাদ্য সামগ্ৰী আৰু ঔষধ ইত্যাদি অনুদান আগবঢ়াইছে। প্ৰয়োজন হ’লে অস্থায়ী থকাৰ ব্যৱস্থাও কৰা হ’ব।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande