পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ উপায়ুক্তই এতিয়া ৩০ দিনলৈ নিষিদ্ধ কৰিব পাৰিব ৰেলী
লাহোৰ, ২২ অক্টোবৰ (হি.স.)।পাকিস্তানৰ পঞ্জাৱ চৰকাৰে প্ৰদেশখনত আইন-শৃংখলা বজাই ৰখাৰ অৰ্থে পুনৰবাৰ উপায়ুক্তসকলক নিজ নিজ জিলাত সভা, ৰেলীৰ লগতে দুচকীয়া বাহনত দুজন উঠা ৩০ দিনৰ বাবে নিষিদ্ধ কৰাৰ ক্ষমতা প্ৰদান কৰিছে। গৃহ সচিবক এতিয়া যিকোনো জিলা বা সমগ্ৰ
পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত আয়োজন কৰা এক সমাৱেশৰ ফাইল ফটো। ইণ্টাৰনেট মিডিয়া


লাহোৰ, ২২ অক্টোবৰ (হি.স.)।পাকিস্তানৰ পঞ্জাৱ চৰকাৰে প্ৰদেশখনত আইন-শৃংখলা বজাই ৰখাৰ অৰ্থে পুনৰবাৰ উপায়ুক্তসকলক নিজ নিজ জিলাত সভা, ৰেলীৰ লগতে দুচকীয়া বাহনত দুজন উঠা ৩০ দিনৰ বাবে নিষিদ্ধ কৰাৰ ক্ষমতা প্ৰদান কৰিছে। গৃহ সচিবক এতিয়া যিকোনো জিলা বা সমগ্ৰ প্ৰদেশতে ৯০ দিনৰ বাবে ১৪৪ ধাৰা জাৰি কৰাৰ কৰ্তৃত্ব দিয়া হৈছে। গুৰুতৰ আইন-শৃংখলা পৰিস্থিতিৰ সৃষ্টি হ’লে পঞ্জাৱ চৰকাৰৰ হাতত থাকিব ৯০ দিনতকৈ অধিক সময় নিষেধাজ্ঞা আৰোপ কৰাৰ ক্ষমতা।

ডন কাকতৰ তথ্য অনুসৰি প্ৰাদেশিক বিধানসভাৰ অনুমোদনৰ পিছত ১৮৯৮ চনৰ ফৌজদাৰী বিধি আইন (পাঞ্জাৱ সংশোধনী)ৰ ১৪৪ নং ধাৰা সংশোধনৰ বাবে গেজেট অধিসূচনা জাৰি কৰা হয়। ইয়াৰ পূৰ্বে আইন-শৃংখলাৰ পৰিস্থিতিৰ বিষয়ত উপাযুক্তই প্ৰথমে গৃহ সচিবৰ অনুমতিৰ বাবে অপেক্ষা কৰি প্ৰতিবাদ, সভা, ৰেলী, ধৰ্ণা আৰু দুচকীয়া বাহনত দুজন উঠোৱাত নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু দুটা দশকৰ আগলৈকে উপাযুক্তসকলৰ এই ক্ষমতা আছিল। কিন্তু পাৰভেজ মুশ্বাৰফ ৰাষ্ট্ৰপতি হোৱাৰ পিছত এই ক্ষমতাসমূহ জিলা নাজিমসকলৰ হাতলৈ হস্তান্তৰ কৰা হয়।

মুশ্বাৰফ শাসনৰ সময়ত চি আৰ পি চিৰ উপ-ধাৰা (১), (৪), আৰু (৫) সংশোধন কৰি ১৪৪ ধাৰা জাপি দিয়াৰ ক্ষমতা ডি চিৰ পৰা জিলা নাজিমলৈ হস্তান্তৰ কৰা হৈছিল। এই সংশোধনীৰ জৰিয়তে জিলা নাজিম/প্ৰশাসকসকলে জিলা আৰক্ষী অধীক্ষক আৰু উপ আয়ুক্ত (ডি চি)ৰ পৰামৰ্শ অনুসৰি ১৪৪ ধাৰা জাপি দিবলৈ অনুমতি দিছিল। পিছলৈ জিলা নাজিমৰ পদ বাতিল হ’লে এই ক্ষমতাসমূহ স্বয়ংক্ৰিয়ভাৱে উপাযুক্তৰ হাতলৈ গ’ল।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande