দুৰাৰোগ্য় ৰোগত আক্ৰান্ত য়ুৱকৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰি কাতৰ আহব্বান পৰিয়ালৰ
কামৰূপ, ১৬ অক্টোবৰ (হি.স.)। দুৰাৰোগ্য় ৰোগত আক্ৰান্ত য়ুৱকৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰি কাতৰ আহব্বান পৰিয়ালৰ। প্ৰায় এবছৰৰ পৰা জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে ঘুৰি আছে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বাঘমাৰাৰ শ্বহিদুল ইছলাম। চিকিৎসালয়ত ঘু
দুৰাৰোগ্য় ৰোগত আক্ৰান্ত য়ুৱকৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰি কাতৰ আহব্বান পৰিয়ালৰ


কামৰূপ, ১৬ অক্টোবৰ (হি.স.)। দুৰাৰোগ্য় ৰোগত আক্ৰান্ত য়ুৱকৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰি কাতৰ আহব্বান পৰিয়ালৰ। প্ৰায় এবছৰৰ পৰা জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে ঘুৰি আছে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বাঘমাৰাৰ শ্বহিদুল ইছলাম। চিকিৎসালয়ত ঘুৰি ঘুৰি ভাগৰি পৰিছে দুটা সন্তানৰ পিতৃ শ্বহিদুলে‌।

চিন্তিত হৈ পৰিছে শ্বহিদুলৰ বৃদ্ধ মাতৃ। চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে ঘুৰি আৰ্থিক সংকটত পৰিছে দৰিদ্ৰ পৰিয়ালটো। চিকিৎসা কৰাতো দুৰৰে কথা, এবেলা এমুঠি খোৱাৰ বাবেও চিন্তা কৰিবলগা হৈছে পৰিয়ালটো। একেমুখে চিকিৎসা কৰি কৰি সৰ্বহাৰা হৈ পৰিছে শ্বহিদুলৰ পৰিয়াল।

দৰিদ্ৰতাৰ কৰাল গ্ৰাসত পৰি উপায়হীন হৈ পৰিছে শ্বহিদুল ইছলাম। সেয়ে আৰ্থিক সহায় বিচাৰি অসমবাসী ৰাইজ আৰু চৰকাৰৰ ওচৰত কাতৰ আহব্বান জনাইছে পৰিয়ালটোৱে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande