ডিব্ৰুগড়, ০১ অক্টোবৰ (হি.স.)। টিংখাঙত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ( একত্ৰিকৰণ ) ৰ উত্তাল প্ৰতিবাদ। মিচন বসুন্ধৰাৰ অধিনত টিংখাং ৰাজহ চক্ৰ এলেকাধীন অঞ্চলত আদিবাসী সকলৰ অধিকাংশই ভূমি পট্টা লাভ নকৰাৰ অভিযোগ তুলি আছাৰ ডিব্ৰুগড় জিলা সমিতিয়ে টিংখাং ৰাজহ চক্ৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে।
প্ৰতিবাদকাৰী সকলে টিংখাং ৰাজহ চক্ৰত মিচন বসুন্ধৰা ২.০ ত নাকচ হোৱা আদিবাসীসকলৰ আবেদন সমূহ পুনৰ মিছন বসুন্ধৰা ৩.০ ত নিৰীক্ষণ কৰাৰ ব্যৱস্থা কৰি পট্রা দিয়াৰ ব্যৱস্থা কৰা ,মিছন বসুন্ধৰা ৩.০ ৰ অধীনত ভূমি নীতি ২০১৯” ৰ জৰিয়তে আদিবাসীসকলৰ দখল থকা ভূমি ৮বিঘা দিয়াৰ ব্যৱস্থা কৰা ,আৰু আদিবাসীসকলৰ ভূমিত বে-আইনী ভাবে অন্যৰ নামত হোৱা নামজাৰি কৰ্তন কৰাৰ ব্যৱস্থা আদি দাবী সম্বলিত স্মাৰকপত্ৰ টিংখাং ৰাজহ চক্ৰ বিষয়াৰ যোগেদি ৰাজহ মন্ত্ৰী যোগেন মহনলৈ প্ৰদান কৰে। প্ৰতিবাদী কাৰ্যসূচীত আছাৰ ডিব্ৰুগড় জিলা সমিতি ( একত্ৰিতকৰণ গোট ) ৰ সভাপতি নৃপেন মুণ্ডা , সম্পাদক পল্লব পাহাৰীয়া ,কেন্দ্ৰীয় উপদেষ্টা ছেবিয়েন জজৱাৰে অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা