অশ্ৰুশিক্ত নয়নেৰে ৫২৭ নং খাচিমাৰী প্ৰাথমিক বিদালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক আব্দুল কাসেম আলী শেখক বিদায় সম্বৰ্ধনা
কোকৰাঝাৰ, ০১ অক্টোবৰ (হি.স.)। কোকৰাঝাৰ জিলাৰ দোতমা শিক্ষাখণ্ডৰ অন্তৰ্গত ৫২৭ নং খাচিমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল কাসেম আলী শেখে চৰকাৰী চাকৰি জীৱনৰ পৰা অৱসৰ লোৱাত বিদ্যালয় খনত আজি আনুষ্ঠানিক ভাবে বিদায় সম্বৰ্ধনা জনোৱা হয়। বিদালয় খনত ত
অশ্ৰুশিক্ত নয়নেৰে ৫২৭ নং খাচিমাৰী  প্ৰাথমিক বিদালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক আব্দুল কাসেম আলী শেখক বিদায় সম্বৰ্ধনা।


অশ্ৰুশিক্ত নয়নেৰে ৫২৭ নং খাচিমাৰী  প্ৰাথমিক বিদালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক আব্দুল কাসেম আলী শেখক বিদায় সম্বৰ্ধনা।


অশ্ৰুশিক্ত নয়নেৰে ৫২৭ নং খাচিমাৰী  প্ৰাথমিক বিদালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক আব্দুল কাসেম আলী শেখক বিদায় সম্বৰ্ধনা।


কোকৰাঝাৰ, ০১ অক্টোবৰ (হি.স.)। কোকৰাঝাৰ জিলাৰ দোতমা শিক্ষাখণ্ডৰ অন্তৰ্গত ৫২৭ নং খাচিমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল কাসেম আলী শেখে চৰকাৰী চাকৰি জীৱনৰ পৰা অৱসৰ লোৱাত বিদ্যালয় খনত আজি আনুষ্ঠানিক ভাবে বিদায় সম্বৰ্ধনা জনোৱা হয়। বিদালয় খনত তেখেতে বহু বছৰ শিক্ষকতা কৰাৰ লগতে বিদ্যালয় খনৰ উন্নয়নৰ সৈতে জড়িত আছিল । তেখেতৰ চাকৰী কাল সম্পূৰ্ণ হৈ অৱসৰ গ্ৰহণ কৰাত বিদ্যালয় খনৰ শিক্ষক, ছাত্ৰ- ছাত্ৰী ,স্থানীয় ৰাইজ তথা বিদ্যালয় পৰিচালনা সমিতিয়ে আনুষ্ঠানিক ভাবে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে ।

বিদালয় খনৰ সভাপতি অজাবউদ্দিন শেখৰ সভাপতিত্বত অনুষ্ঠিত বিদায়ী সভাত প্ৰধান শিক্ষক আব্দুল কাসেম আলী শেখক ফুলাম, গামোচা , জাপি, কিতাপৰ টোপোলা , শৰাই ,সম্বদ্ধনা পত্ৰৰ লগতে বিভিন্ন উপহাৰেৰে বিদায় সম্বৰ্ধনা জনায়। আজিৰ বিদায়ী সম্বদ্ধনা সভাটিৰ সঞ্চালনা আৰু উদ্দেশ্য ব্যাখা ও সম্বদ্ধনা পৰ্বৰ আৰত ধৰে কোকৰাঝাৰ জিলাৰ ইউপিপিএলৰ সম্পাদক মতিয়ৰ ৰহমানে । বিদায়ী সভাখনত ইউপিপিএলৰ কেন্দ্রীয় সমিতিৰ সদস্য মন্টু দে, ফকিৰাগ্ৰাম ভিচিডিৰ অধ্যক্ষ ৰফিকুল ইচলামৰ সহ বিদ্যালয় খনৰ শিক্ষক, শিক্ষয়ত্ৰী ,সমাজকৰ্মী লগতে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকি ভাষণ প্ৰদান কৰে। বিদায়ী সভাখনত স্থানীয় ৰাইজ লগতে ছাত্র ছাত্ৰী উপস্থিত থকা দেখিবলৈ পোৱা যায়।বিদায়ী শিক্ষক গৰাকীয়ে বিদ্যালয় খনৰ ছাত্ৰ -ছাত্ৰীৰ বাবে যি শিক্ষাৰ পোহৰ বিলাই দিছিল সেয়া প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলবাসী ৰাইজৰ হৃদয়ত স্মৰনীয় হৈ থাকিব বুলি সকলোয়ে মত ব্যতকৰে।উল্লেখ্যযে অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীৰ আবেগ প্ৰৱণতাত অনুষ্ঠানৰ সকলোয়ে অশ্ৰুশিক্ত নয়নেৰে বিদায়ই জনায় আৰু শিক্ষা গুৰু জনৰ দীৰ্ঘ্য আয়ু কামনা কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande