গুৱাহাটী, ০১ অক্টোবৰ (হি.স.)। কৰ্ণাটকৰ মন্ত্ৰী প্রিয়াংক খর্গেই ছেমিকণ্ডাক্টৰ স্থাপনক লৈ অসমৰ দক্ষতাক প্রশ্ন তুলি সমগ্র অসমবাসীকে অপমানিত কৰিছে। অথচ এতিয়ালৈ ইয়াৰ বিৰোধিতা কৰা নাই অসম কংগ্ৰেছৰ কোনো এজন নেতাই। এনে অপমান কৰাৰ পিছতো কংগ্ৰেছত থকা এজন অসমীয়াৰো এই অপমানৰ বিৰোধিতা কৰাৰ সৎ সাহস হোৱা নাই। আজি নিজৰ এটা ফেচবুক পোষ্টযোগে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই।
ড. শৰ্মাই পোষ্টটোত কয় যে এটা দলতকৈ এখন ৰাজ্যৰ সন্মান বা দায়বদ্ধতা বহু ঊৰ্ধ্বত আৰু ৰাজ্যতকৈ এখন দেশৰ প্ৰতি থকা দায়বদ্ধতা বহু ওপৰত ৷ কিন্তু শেহতীয়াকৈ কৰ্ণাটকৰ মন্ত্ৰী প্রিয়াংক খর্গেই ছেমিকণ্ডাক্টৰ স্থাপনক লৈ অসমৰ দক্ষতাক প্রশ্ন তুলি সমগ্র অসমবাসীকে অপমানিত কৰাৰ সময়তো কংগ্ৰেছত থকা এজন অসমীয়াৰো এই অপমানৰ বিৰোধিতা কৰাৰ সৎ সাহস হোৱা নাই। পূর্বতেও মল্লিকার্জুন খর্গেয়ে আমাৰ বৰেণ্য শিল্পীসত্তা ড° ভূপেন হাজৰিকাক লৈও উদ্ভট মন্তব্য কৰিছিল। ইয়াৰ পৰা বুজা যায়, হাজাৰ অসমবিৰোধী মন্তব্য কৰিলেও অসমৰ কংগ্ৰেছীসকলৰ দলীয় স্বাৰ্থহে মূল, তেওঁলোকৰ বাবে অসমৰ সন্মান বিচাৰ্য বিষয় নহয় ৷
আজি অসমবাসীৰ খঙৰ বহিৰ্প্ৰকাশ ঘটিছে, যাৰ পৰিণতিত আজি অগণন লোকে খর্গে পিতা-পুত্রৰ পৰা ৰাজহুৱা ক্ষমা দাবী কৰি ওলাই আহিছে। এই মুহূর্ততো অসম প্রদেশ কংগ্রেছ নিমাত। অসমে কাহানিও এনে অসম বিৰোধী দলক বিপক্ষত বিচৰা নাছিল বুলিও পোষ্টটোত মন্তব্য কৰি বিৰোধী কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰীয়ে ৷
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী