অসম বিজেপিৰ বটবৃক্ষ কবীন্দ্ৰ পুৰকায়স্থৰ মৃত্যুত মুখ্যমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ
গুৱাহাটী, ০৭ জানুৱাৰী (হি.স.)। অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ ধ্বজাবাহক, দূৰদৰ্শী আৰু জনদৰদী নেতা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, সন্মানীয় কবীন্দ্ৰ পুৰকায়স্থ মহাশয়ৰ মৃত্যুৰ খবৰ লাভ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ ক
কবীন্দ্ৰ পুৰকায়স্থক মুখ্যমন্ত্ৰীয়ে সাক্ষাত কৰাৰ এক মূহূৰ্ত (ফাইল ফোটো)


গুৱাহাটী, ০৭ জানুৱাৰী (হি.স.)। অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ ধ্বজাবাহক, দূৰদৰ্শী আৰু জনদৰদী নেতা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, সন্মানীয় কবীন্দ্ৰ পুৰকায়স্থ মহাশয়ৰ মৃত্যুৰ খবৰ লাভ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ কয় যে পুৰকায়স্থৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰবাদী মতাদৰ্শৰ আধাৰশিলা স্থাপন কৰা হয় অসমত, যিখন অসমত আজি এক প্ৰকাণ্ড বটগছৰ ৰূপ ধাৰণ কৰিছে।

দেশৰ সামাজিক-ৰাজনৈতিক ক্ষেত্ৰখনৰ লগতে বৰাক উপত্যকা আৰু অসমলৈ সন্মানীয় পুৰকায়স্থৰ অৱদান অনবদ্য আৰু অনন্য। তেওঁৰ মৃত্যু আমাৰ সামাজিক জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। শিলচৰৰ এজন কাৰ্য্যকৰ্তাৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী হোৱালৈকে তেওঁৰ দীৰ্ঘজীৱন যাত্ৰা আমাৰ বাবে জনসেৱা আৰু নিস্বাৰ্থ নিষ্ঠাৰ এক উৎকৃষ্ট নিদৰ্শন হৈ থাকিব, যিয়ে প্ৰতিজন দলীয় কাৰ্য্যকৰ্তাক অনুপ্ৰাণিত কৰিব।

শোকৰ এই মুহূৰ্তত পুৰকায়স্থদেৱৰ পৰিয়ালৰ লগতে অসমৰ ৰাইজ তথা সমগ্ৰ ভাৰতীয় জনতা পাৰ্টি পৰিয়াল শোকাহত হৈ পৰিছে। এই শোকৰ সময়ত তেওঁৰ বিদেহ আত্মাৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। তেখেতৰ পৰিয়াল, আত্মীয় আৰু প্ৰশংসকলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। তেওঁৰ ব্যক্তিগত পথ প্ৰদৰ্শন, প্ৰতিটো সাক্ষাত আৰু আশীৰ্বাদ মোৰ বাবে চিৰদিনৰ বাবে স্মৰণীয় হৈ থাকিব।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande