
১০-১১ জানুৱাৰীত বিশিষ্ট লোক, দল-সংগঠনৰ মতামত গ্ৰহণ কৰিব কংগ্ৰেছে
গুৱাহাটী, ০৭ জানুৱাৰী (হি.স.)। ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ অভিযানৰ অংশ হিচাপে আজি নলবাৰী, ৰঙিয়াকে ধৰি নামনি অসমৰ ভিন্ন প্ৰান্তত ৰাইজৰ মতামত গ্ৰহণ কৰা হয়। ৰঙিয়াত ইস্তাহাৰ কমিটিৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈৰ নেতৃত্বত এটা প্ৰতিনিধি দলে কামৰূপ (গ্ৰাম্য) জিলা কংগ্ৰেছৰ সভাপতি প্ৰাণজিৎ চৌধুৰীৰ উদ্যোগত স্থানীয় দল-সংগঠন আৰু নেতৃস্থানীয় লোক আৰু একাংশ জ্যেষ্ঠ সাংবাদিকৰ লগত মত বিনিময় কৰে।
এই দলটোত প্ৰাক্তন সাংসদ আব্দুল খালেকেও অংশগ্ৰহণ কৰে। উল্লেখ্য যে, ৬ জানুৱাৰীত ৰিপুন বৰাৰ নেতৃত্বত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ অভিযানত অংশ লোৱা প্ৰতিনিধিসকলে হোজাই জিলাত ৰাইজৰ মতামত গ্ৰহণ কৰে। অহা ১০ আৰু ১১ জুলাইত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ অভিযানৰ সামৰণি পৰিব আৰু এই দুটা দিন গুৱাহাটীত ব্যাপক হাৰত ৰাইজৰ প্ৰস্তাৱ আৰু মতামত গ্ৰহণ কৰা হ’ব।
কামৰূপ মহানগৰ জিলা কংগ্ৰেছৰ উদ্যোগত গুৱাহাটীৰ বিভিন্ন দল-সংগঠন আৰু নাগৰিক সমিতিৰ লগতে ছাত্ৰ সমাজ, যুৱ সমাজ, চিন্তাবিদ, জ্যেষ্ঠ সাংবাদিকৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু ইস্তাহাৰ কমিটিৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈয়ে মত বিনিময় কৰিব। ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি অসমৰ জাতীয় সংগঠনসমূহৰ লগতে সংবাদ মাধ্যমৰ জ্যেষ্ঠ সাংবাদিক, লেখক-চিন্তাবিদক ১০ আৰু ১১ তাৰিখে মত বিনিময় কৰিবলৈ যোগাযোগ কৰা হৈছে।
গুৱাহাটীত প্ৰায় ১০০ জন বিশিষ্ট লোকলৈ কংগ্ৰেছৰ ইস্তাহাৰ কমিটিৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈয়ে ইস্তাহাৰৰ বিষয়বস্তু সন্নিবিষ্ট কৰা সন্দৰ্ভত পৰামৰ্শ দিবলৈ অনুৰোধ জনাইছে। ইস্তাহাৰ কমিটিৰ অধ্যক্ষজনে বৈঠকত উপস্থিত থাকিব নোৱৰা লোকসকলৰ ঘৰ অথবা কৰ্মৰত অনুষ্ঠানলৈ গৈ সাক্ষাৎ কৰাৰ প্ৰস্তাৱ দিয়াৰ লগতে তেখেতসকলৰ মতামত লিখিতভাৱে আগবঢ়াবলৈকো অনুৰোধ জনাইছে।
অধ্যক্ষ বৰদলৈয়ে আজি এক বিবৃতিত কয় যে এইবাৰ কংগ্ৰেছৰ ইস্তাহাৰ হ’ব ৰাইজৰ ইস্তাহাৰ। ৰাজ্যখনৰ সকলো শ্ৰেণীৰ নাগৰিকৰ মতামত গ্ৰহণ কৰি প্ৰস্তুত কৰিবলগীয়া এই ইস্তাহাৰ কম দিনৰ ভিতৰতে ৰাইজলৈ আগবঢ়োৱা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী