
গুৱাহাটী, ০৭ জানুৱাৰী (হি.স.)। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে আজি যোৰহাট প্ৰেছ ক্লাৱত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ অভিযানত অংশগ্ৰহণ কৰে। বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ লগত গগৈয়ে বাৰ্তালাপ কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ ইস্তাহাৰত কি কি বিষয় সন্নিবিষ্ট হ’ব সেই বিষয়ে আলোচনা কৰে।
গগৈৰ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সম্পাদক বিকাশ উপাধ্যায়, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কী, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাজীৱ লোচন পেগু, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক উদিত ভানু দাস, জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোঁহাই উপস্থিত থাকে। দল-সংগঠনৰ প্ৰতিনিধিৰে মত-বিনিময় হোৱাৰ পিছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে যোৰহাট জিলা কংগ্ৰেছৰ বিষয়ববীয়া আৰু ব্লক কংগ্ৰেছৰ সভাপতিসকলৰ লগত বুথ পৰ্যায়ত দলৰ স্থিতি আৰু ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে কিধৰণৰ প্ৰস্তুতি চলাইছে সেই সম্পৰ্কে বাৰ্তালাপ কৰে। গগৈয়ে অভিযোগ কৰি কয় যে ভোট চুৰিৰ কৌশলৰে বিজেপিয়ে পুনৰ শাসন দখল কৰিবলৈ যি অপচেষ্টা চলাইছে সেই বিষয়ত দলীয় কৰ্মীসকলে শেনচকু দিব লাগে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী