কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াং খৰ্গেৰ অসম বিদ্বেষী মন্তব্যৰ বিৰুদ্ধে জাগীৰোডত বিজেপিৰ প্ৰতিবাদ
মৰিগাও, ০১অক্টোবৰ (হি.স.)। জাগীৰোডত বিশাল প্ৰতিবাদী সমদল। কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ তথা মন্ত্ৰী প্ৰিয়াং খৰ্গেই আগবঢ়োৱা অসম বিদ্বেষী মন্তব্যৰ বিৰোধিতাৰে আজিৰ প্ৰতিবাদী সমদল বাহিৰ কৰা হয়। মন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত জাগীৰোড গাঁও পঞ্চ
জাগীৰোডত বিশাল প্ৰতিবাদী সমদল।


জাগীৰোডত বিশাল প্ৰতিবাদী সমদল।


জাগীৰোডত বিশাল প্ৰতিবাদী সমদল।


মৰিগাও, ০১অক্টোবৰ (হি.স.)। জাগীৰোডত বিশাল প্ৰতিবাদী সমদল। কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ তথা মন্ত্ৰী প্ৰিয়াং খৰ্গেই আগবঢ়োৱা অসম বিদ্বেষী মন্তব্যৰ বিৰোধিতাৰে আজিৰ প্ৰতিবাদী সমদল বাহিৰ কৰা হয়। মন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত জাগীৰোড গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা বাহিৰ কৰা এই সমদলে সমগ্ৰ জাগীৰোড চহৰ পৰিভ্ৰমণ কৰি কংগ্ৰেছ নেতৃত্বক অসমৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়নি প্ৰদান কৰে।

প্ৰতিবাদী কাৰ্যসূচীত স্থানীয় সহস্ৰাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰাৰ লগতে কেইবা গৰাকীও মন্ত্ৰী বিধায়কে অংশগ্ৰহণ কৰে। প্ৰতিবাদত অংশগ্ৰহণ কৰা মন্ত্ৰী বিধায়ক সকলে অসম কংগ্ৰেছে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত মৌনতা অৱলম্বন কৰা কাৰ্যক লজ্জাজনক আখ্যা দিয়ে আৰু শীঘ্ৰেই অসমবাসীৰ ওচৰত প্ৰিয়াং খৰ্গেক বিনাচৰ্তে ক্ষমা খোজাৰ আহ্বান জনায়। আনহাতে প্ৰতিবাদ স্থলীত উপস্থিত থাকে বিধায়ক জিতু গোস্বামী, মানৱ ডেকা, ৰমাকান্ত দেউৰী, হেমাংগ ঠাকুৰীয়া, মানৱ ডেকা, ৰূপক শৰ্মাকে ধৰি আন কেইবাগৰাকীও বিজেপি বিধায়কে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande