থাইলেণ্ড অপেনৰ প্ৰাক কোৱাৰ্টাৰত কিৰণ জৰ্জে, প্ৰথম ৰাউণ্ডৰ পৰাই আঁতৰিল সিন্ধু, শ্ৰীকান্ত
নতুন দিল্লী, ০১ জুন (হি.স.)। ভাৰতৰ যুৱ বেডমিণ্টন খেলুৱৈ কিৰণ জৰ্জে বুধবাৰে এক বৃহৎ ওলট পালট কৰি বেংক
 কিৰণ জৰ্জ


নতুন দিল্লী, ০১ জুন (হি.স.)। ভাৰতৰ যুৱ বেডমিণ্টন খেলুৱৈ কিৰণ জৰ্জে বুধবাৰে এক বৃহৎ ওলট পালট কৰি বেংককত অনুষ্ঠিত থাইলেণ্ড অপেন চুপাৰ ৫০০ টুৰ্ণামেণ্টৰ প্ৰাক-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কিৰণে চীনৰ বিশ্বৰ নম্বৰ ৯ শি য়ু কুইক পোনপটীয়া ছেটত পৰাস্ত কৰিছিল।

বুধবাৰে বিজয়ী হোৱা আন খেলুৱৈসকল হ’ল লক্ষ্য সেন, অস্মিতা চলিহা, চাইনা নেহৱাল আৰু সতৱিক্সাইৰাজ ৰঙ্কিৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটি।

অৱশ্যে, প্ৰথম ৰাউণ্ডত পি ভি সিন্ধু, কিদাম্বি শ্ৰীকান্ত, বি চাই প্ৰনীত, প্ৰিয়াংশু ৰাজাৱত, সমীৰ বাৰ্মা, মালবিকা বানচোদ, মিথুন মঞ্জুনাথ, অশ্বিনী ভট্ট আৰু শিখা গৌতম পৰাজিত হয়।

প্ৰকাশ পাডুকন একাডেমীৰ পৰা অহা কিৰণে তৃতীয় স্থানপ্ৰাপ্ত ছি য়ু কিউক ২১-১৮, ২২-২০ ব্যৱধানত পৰাস্ত কৰে। কিউক ২০১৮ ৰ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক বিজয়ী। কিৰণে পৰৱৰ্তী সময়ত চীনৰ ৱেং হং য়াঙৰ মুখামুখি হ’ব, যিয়ে শ্ৰীকান্তক ৮-২১, ২১-১৬, ১৪-২১ ত পৰাস্ত কৰে। তেওঁৰ একাডেমীৰ সঙ্গী লক্ষ্য সেনে চীনা টাইপেইৰ ৱাং জু ৱেইক ২১-২৩, ২১-১৫, ২১-১৫ ত পৰাস্ত কৰে। তেওঁ এতিয়া চীনৰ অল ইংলেণ্ড চেম্পিয়ন লি চি ফেঙৰ মুখামুখি হ’ব।

যোৱা সপ্তাহত মালয়েছিয়া মাষ্টাৰ্ছৰ পৰা বঞ্চিত হৈ প্ৰত্যাৱৰ্তন কৰি থকা সাতৱিক আৰু চিৰাগে এক ৰোমাঞ্চকৰ খেলত ৰাচমুছ কাজাৰ আৰু ফ্ৰেডৰিক চোগাৰ্ডক ২১-১৩, ১৮-২১, ২১-১৭ ত পৰাস্ত কৰে।

অৱশ্যে, সিন্ধু কানাডাৰ মিচেল লীৰ হাতত পৰাজিত হয়। ৬২ মিনিট ধৰি চলি থকা এখন খেলত লীয়ে সিন্ধুক ২১-৮, ১৮-২১, ২১-১৮ ত পৰাস্ত কৰে।

আন খেলসমূহত ৰাষ্ট্ৰীয় চেম্পিয়ন মিথুন মঞ্জুনাথেও ১৭-২১, ২১-৮, ২১-১৫ ব্যৱধানত অষ্টম শ্ৰেণীৰ কুংলাভুট ভিটিডাচাৰ্ণৰ হাতত পৰাস্ত হয়।

কোৱালিফায়াৰৰ মাজেৰে অহা অস্মিতাই স্বদেশৰ মালবিকা বানচোড়ক ১৭-২১, ১৪-২১ ব্যৱধানত পৰাস্ত কৰে। পৰৱৰ্তী ৰাউণ্ডত তেওঁ ৰিঅ’ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী কেৰোলিনা মাৰিনৰ মুখামুখি হ’ব।

ছাইনাই কেইমাহমানৰ পিছত প্ৰত্যাৱৰ্তন কৰে আৰু কানাডিয়ান কোৱালিফায়াৰ ৱেন য়ু ঝাংক ২১-১৩, ২১-৭ ব্যৱধানত পৰাস্ত কৰে আৰু পৰৱৰ্তী ৰাউণ্ডত তৃতীয় শ্ৰেণীৰ চীনৰ হি বিং জিয়াওৰ মুখামুখি হ’ব।

অৰলিন্স মাষ্টাৰ্ছ বিজয়ী প্ৰিয়ংশু ৰাজাৱতে মালয়েছিয়াৰ এন জি টিজে য়ংৰ হাতত ১৯-২১, ১০-২১ ব্যৱধানত পৰাজিত হয়, আনহাতে চাই প্ৰনীত ১৪-২১, ১৬-২১ ব্যৱধানত ক্ৰিষ্টো পপভৰ হাতত পৰাজিত হয়। আনহাতে অলপতে স্লোভেনিয়া অপেন ত বিজয়ী হোৱা সমীৰ বাৰ্মা ডেনমাৰ্কৰ মেগনাস জোহানছনৰ হাতত ১৫-২১, ১৫-২১ ব্যৱধানত পৰাজিত হয়।

মহিলাৰ ডাবলছত অশ্বিনী ভট্ট আৰু শিখা গৌতমৰ যুটীটো তৃতীয় স্থান প্ৰাপ্ত কোৰিয়ান বেক হা না আৰু লী ছো হিৰ হাতত ১১-২১, ৬-২১ ব্যৱধানত পৰাস্ত হয়।

হিন্দুস্থান সমাচাৰ/সুনীল/মনোজ/অৰবিন্দ


 rajesh pande