আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে ঘোষিত উছেইন ব'ল্ট
নতুন দিল্লী, ২৫ এপ্ৰিল (হি.স.)। চলিত ২০২৪ চনৰ ১-২৯ জুনলৈ ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হ’বলগীয়
উছেইন ব’ল্ট


নতুন দিল্লী, ২৫ এপ্ৰিল (হি.স.)। চলিত ২০২৪ চনৰ ১-২৯ জুনলৈ ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া আগন্তুক আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে উছেইন ব’ল্টৰ নাম ঘোষণা কৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে।

২০১৬ চনৰ ৰিঅ’ অলিম্পিক গেমছত একেৰাহে তিনিটাকৈ সোণৰ পদক লাভ কৰি ব’ল্টে ইতিহাস ৰচনা কৰে। ২০০৮ চনত বেইজিঙত অনুষ্ঠিত অলিম্পিক গেমছৰ পৰাই তেওঁৰ বিশ্বব্যাপী তাৰকাত্বৰ যাত্ৰা আৰম্ভ হৈছিল, য’ত তেওঁ ১০০ মিটাৰ, ২০০ মিটাৰ আৰু ৪x১০০ মিটাৰ দৌৰত জয়লাভ কৰিছিল, এই সকলোবোৰ বিশ্ব অভিলেখ সৃষ্টি কৰিছিল।

বল্টে বৰ্তমান ১০০ মিটাৰ, ২০০ মিটাৰ আৰু ৪x১০০ মিটাৰ দৌৰত ক্ৰমে ৯.৫৮ ছেকেণ্ড, ১৯.১৯ ছেকেণ্ড আৰু ৩৬.৮৪ ছেকেণ্ডৰ বিশ্ব অভিলেখ গঢ়ি তুলিছে। ২০০৮ চনত ১০০ মিটাৰ দৌৰত তেওঁৰ প্ৰথম বিশ্ব অভিলেখ আছিল যেতিয়া তেওঁ নিউয়ৰ্কত ৯.৭২ ছেকেণ্ডৰ সময়েৰে স্বৰ্ণ পদক লাভ কৰিছিল। ২০০৮ চনত বেইজিঙত অনুষ্ঠিত অলিম্পিক গেমছত তেওঁ ৯.৬৯ ছেকেণ্ডলৈ হ্ৰাস কৰাৰ পিছত ২০০৯ চনত বাৰ্লিনত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত ৯.৫৮ ছেকেণ্ডলৈ হ্ৰাস কৰে।

এম্বেছাদৰ হিচাপে ব’ল্টে এই অনুষ্ঠানটোৰ প্ৰচাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, সেয়া অহা সপ্তাহত অনুষ্ঠানটোৰ অফিচিয়েল মিউজিক ভিডিঅ’ মুক্তিত আইকনিক শিল্পী শ্বেন পল আৰু কেছৰ সৈতে কেমিঅ’ অভিনয়ৰ পৰা আৰম্ভ কৰিব। আঠবাৰৰ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ীগৰাকীয়ে ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ মেচতো অংশগ্ৰহণ কৰিব আৰু আমেৰিকাৰ ভিতৰত এই ক্ৰীড়াক প্ৰচাৰ কৰা কাৰ্যসূচীৰ অংশ হ’ব।

নিজৰ নতুন ভূমিকাক লৈ উৎসাহ প্ৰকাশ কৰি বল্টৰ উদ্ধৃতি দি আইচিচিয়ে কয় যে, আগন্তুক আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপৰ এম্বেছাদৰ হ'বলৈ পাই মই ৰোমাঞ্চিত হৈছো। মই কেৰিবিয়ানৰ পৰা আহিছো য'ত ক্ৰিকেট জীৱনৰ এটা অংশ,এই খেল বিধে সদায়েই এক সুকীয়া স্থান ৰাখি আহিছে। মই বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ মেচত অংশগ্ৰহণ কৰিবলৈ আৰু বিশ্ব পৰ্যায়ত ক্ৰিকেটৰ বিকাশত অৰিহণা যোগাবলৈ আগ্ৰহী।

তেওঁ আৰু কয়, “বিশ্বকাপত মই নিশ্চিতভাৱে ৱেষ্ট ইণ্ডিজক সমৰ্থন কৰিম যদিও এই খেলখন আমেৰিকালৈ অনাটো ক্ৰিকেটৰ বাবে এটা ডাঙৰ কথা। এইখন বিশ্বৰ আটাইতকৈ ডাঙৰ ক্ৰীড়া বজাৰ আৰু টি-২০ বিশ্বকাপলৈ আমি যি শক্তি আনিম সেয়া ২০২৮ চনত এল এ অলিম্পিকত ক্ৰিকেট যোগ কৰাৰ এক সুন্দৰ সুযোগ।”

আইচিচিৰ মুখ্য কাৰ্যবাহী বিষয়া জিঅ’ফ এলাৰ্ডিছে কয় যে, “ব’ল্ট এজন বিশ্বব্যাপী আইকন, আমি তেওঁক আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ৰ এম্বেছাদৰ হিচাপে লৈ ৰোমাঞ্চিত হৈছো যাতে তেওঁ নতুন প্ৰজন্মৰ অনুৰাগীৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে। বিশ্ব অভিলেখ ভংগকাৰী কৃতিত্ব আৰু শক্তিশালী ব্যক্তিত্বৰে তেওঁ বিশ্বকাপত আন এক ৰোমাঞ্চকৰ উপাদান যোগ কৰিব।’

হিন্দুস্থান সমাচাৰ / সুনীল/মনোজ


 rajesh pande