লণ্ডন অলিম্পিক চেম্পিয়ন য়ে শ্বিৱেনৰ পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন
শ্বেনজেন, ২৫ এপ্ৰিল (হি.স.)। লণ্ডন অলিম্পিক চেম্পিয়ন য়ে শ্বিৱেনে বুধবাৰে চীন ৰাষ্ট্ৰীয় সাঁতোৰ চেম
 য়ে শ্বিৱেন


শ্বেনজেন, ২৫ এপ্ৰিল (হি.স.)। লণ্ডন অলিম্পিক চেম্পিয়ন য়ে শ্বিৱেনে বুধবাৰে চীন ৰাষ্ট্ৰীয় সাঁতোৰ চেম্পিয়নশ্বিপত মহিলাৰ ২০০ মিটাৰ ব্ৰেষ্টষ্ট্ৰ’কত স্বৰ্ণ পদক লাভ কৰি আঠ বছৰীয়া অপেক্ষাৰ অন্তত আগন্তুক পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে।

শ্বিৱেনে পূৰ্বৰ ২:২৩.৯১ সময়ৰ অভিলেখ উন্নত কৰি ২:২২.৫৫ ছেকেণ্ডত জয়লাভ কৰি অলিম্পিকৰ যোগ্যতা অৰ্জন কৰে। টাং কিয়ানটিঙে ৰূপৰ পদক আৰু ঝু লিজুৱে ব্ৰঞ্জৰ পদক লাভ কৰে।

উল্লেখ্য যে ১৬ বছৰ বয়সত লণ্ডন অলিম্পিকত দুটা সোণৰ পদক লাভ কৰি য়েহে বিশ্বক চমকিত কৰিছিল। ৰিঅ’ অলিম্পিকৰ বিফলতাৰ পিছত ২০১৭ চনত অৱসৰ গ্ৰহণ কৰাৰ পিছত ২০১৯ চনত অৱসৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়। টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰি পুনৰ অৱসৰৰ কথা ঘোষণা কৰে। ২০২২ চনত দ্বিতীয়বাৰৰ বাবে উভতি অহা য়েই হাংঝু এছিয়ান গেমছত নিজৰ গৃহ চহৰত সোণৰ পদক লাভ কৰে।

য়েহে তিনিদিন পূৰ্বে ৪০০ মিটাৰ মেডলীত ১১ নম্বৰ স্থান দখল কৰি যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে, যিটোক তেওঁ এক বৃহৎ বিপৰ্যয় বুলি অভিহিত কৰে।

২৮ বছৰীয়া খেলুৱৈগৰাকীৰ উদ্ধৃতিৰে ছিনহুয়াই কয় যে, ‘মই ৪০০ মিটাৰ মেডলী শেষ কৰাৰ পিছত এই প্ৰতিযোগিতা এৰি দিয়াৰ কথা ভাবিছিলোঁ, অনুৰাগীৰ সমৰ্থনেই মোক আগবাঢ়ি যোৱাৰ সংকল্প দিছিল।

অলিম্পিক চেম্পিয়ন জাং ইউফেইয়ে মহিলাৰ ২০০ মিটাৰ বাটাৰফ্লাইত ২:০৬.৪০ ছেকেণ্ডত জয়লাভ কৰি এই ইভেণ্টত তৃতীয়টো স্বৰ্ণ পদক লাভ কৰে। চেন লুইং দ্বিতীয় আৰু গং ঝেনকিয়ে তৃতীয় স্থান লাভ কৰে।

পুৰুষৰ ২০০ মিটাৰ বেকষ্ট্ৰ’কত বিশ্ব চেম্পিয়ন জু জিয়ায়ুৱে ১:৫৭.৭০ ছেকেণ্ডত সোণৰ পদক লাভ কৰাৰ পিছতে ৱাং ইউটিয়ান আৰু টাও গুয়ানানে স্থান লাভ কৰে।

হিন্দুস্থান সমাচাৰ/সুনীল/মনোজ


 rajesh pande