কাছাৰৰ খাছপুৰৰ বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত খাছপুৰ চাহ বাগিচাৰ ৰবৰ ফেক্টৰী
কাছাৰ, ০১ জুন (হি স)। কাছাৰৰ খাছপুৰত যোৱা নিশা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই বিধ্বংসী অগ্
কাছাৰৰ খাছপুৰৰ বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত খাছপুৰ চাহ বাগিচাৰ ৰবৰ ফেক্টৰী


কাছাৰ, ০১ জুন (হি স)। কাছাৰৰ খাছপুৰত যোৱা নিশা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত হয় কাছাৰৰ খাছপুৰ চাহ বাগিচাৰ ৰবৰ ফেক্টৰী । নিশা ৰবৰৰ ফেক্টৰী খনত বাগিচাৰ শ্ৰমিকে জুই প্ৰত্যক্ষ কৰে । মুহূৰ্ততে জুইৰ লেলিহান শিখাই চানি ধৰে ফেক্টৰীটো ।

স্থানীয় সকলে জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায় যদিও ব্যৰ্থ হয় । পিছে খৱৰ দিয়া হয় উধাৰবন্দ অগ্নিনিৰ্বাপক বাহিনীক । অগ্নিনিৰ্বাপক বাহিনীৰ দুখন ইঞ্জিন ঘটনাস্থলীত উপস্থিত হৈ প্রায় এঘণ্টা প্ৰচেষ্টাৰ জুই নিয়ন্ত্ৰণত আনে ৷ জুইৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও চৰ্ট চাৰ্কিটৰ পৰা জুই সূত্ৰপাত ঘটে বুলি প্ৰাথমিক বাবে সন্দেহ কৰা হৈছে । ভয়ংকৰ এই অগ্নিকাণ্ডত কেইবা লাখ টকা ক্ষয়ক্ষতি হৈছে বুলি জানিবলৈ দিয়ে বাগিছা কৰ্তৃপক্ষই ।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande