ফটোগ্ৰাফাৰৰ সন্মুখত পৰি যোৱাৰ পৰা কথমপি ৰক্ষা ৰেখা, ভিডিঅ' ভাইৰেল
বলীউডৰ অতি জনপ্ৰিয় অভিনেত্ৰীৰ তালিকাত ৰেখাৰ নামো আছে। কেৱল ভাৰততে নহয় বিদেশতো ৰেখাৰ অনুৰাগী আছে। এ
Rekha_1


বলীউডৰ অতি জনপ্ৰিয় অভিনেত্ৰীৰ তালিকাত ৰেখাৰ নামো আছে। কেৱল ভাৰততে নহয় বিদেশতো ৰেখাৰ অনুৰাগী আছে। এই পৰ্যন্ত চাৰিশৰো অধিক ছবিত কাম কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। বৰ্তমান ৰেখাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এই ভিডিঅ’টোত ৰেখাক তললৈ পৰি যোৱাৰ পৰা কথমপি ৰক্ষা পৰা দেখা গৈছে।

পাপাৰাজীয়ে শ্বেয়াৰ কৰিছে অভিনেত্ৰী ৰেখাৰ ভিডিঅ’। এই ভিডিঅ’টোত ৰেখাক ফটোগ্ৰাফাৰৰ সন্মুখত পোজ দিয়া দেখা গৈছে। পোজ দি থাকোঁতে তাই হঠাতে আকাশলৈ চাই প্ৰণাম কৰিবলৈ লওতেই পৰি যোৱাৰ উপক্ৰম হয়, তেতিয়াই ৰেখাৰ চেক্ৰেটাৰী আহি তাইৰ হাতত ধৰে। বৰ্তমান ৰেখাৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এই ভিডিঅ'টোত ৰেখাই পিন্ধিছে গোলাপী ৰঙৰ ৰেচমৰ শাৰী। ৰেখাৰ এই চেহেৰা এই সময়ত চৰ্চাৰ বিষয় হৈ পৰিছে।

ৰেখাৰ এই ভিডিঅ'টোত বহুতে মন্তব্য কৰিছে। এজন ব্যৱহাৰকাৰীয়ে কৈছিল 'মই ভাবো ৰেখাই শিল্পাৰ পৰা প্ৰেৰণা পাইছিল'। আন এজন ব্যৱহাৰকাৰীয়ে ক’লে, ‘এইজনেই বলীউডৰ প্ৰকৃত ৰাণী’। তৃতীয় এজন ব্যৱহাৰকাৰীয়ে ৰেখাক প্ৰশংসা কৰি কয় যে ‘ৰেখা কেতিয়াও বুঢ়া নহ’ব’।

হিন্দুস্থান সমাচাৰ/লোকেশ/অৰৱিন্দ/মনোজ


 rajesh pande