লতা দিননাথ মংগেশকাৰ বঁটাৰে সন্মানিত অমিতাভ বচ্চন
বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনক লতা দিননাথ মংগেশকাৰ বঁটাৰে সন্মানিত কৰা হয়। ২০২২ চনত স্বৰ কোকিলা লত
অমিতাভ বচ্চন


বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনক লতা দিননাথ মংগেশকাৰ বঁটাৰে সন্মানিত কৰা হয়। ২০২২ চনত স্বৰ কোকিলা লতা মংগেশকাৰৰ মৃত্যু হয়। এই বঁটাটো তেওঁৰ স্মৃতিত পৰিয়াল আৰু ট্ৰাষ্টে আৰম্ভ কৰিছিল। কিছুদিন পূৰ্বে অমিতাভ বচ্চনে লতা দিননাথ মংগেশকাৰ বঁটা লাভ কৰিব বুলি চৰ্চা চলিছিল। তেওঁৰ উপৰি সংগীত পৰিচালক এ আৰ ৰহমান আৰু অভিনেতা ৰনদীপ হুদাকো এই বিশেষ বঁটাৰে সন্মানিত কৰা হয়।

কিছুদিন পূৰ্বে অভিনেতা মিথুন চক্ৰৱৰ্তী আৰু কণ্ঠশিল্পী উষা উথুপক পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হৈছিল। এতিয়া অমিতাভ বচ্চনক সংগীত জগতৰ তাৰকা আৰু মংগেশকাৰ পৰিয়ালৰ সন্মুখত এই বঁটা দিয়া হয়। বিগ বিয়ে এই বঁটা গ্ৰহণ কৰাৰ ছবি ওলাইছে। ফটোখনত বিগ বিক বৰ সুখী যেন লাগিছে।

হৃদয়নাথ মংগেশকাৰৰ ওচৰত বিগ বিয়ে ক্ষমা খুজিলে-

বঁটা লাভ কৰাৰ পিছতে অমিতাভ বচ্চনে নিজৰ আনন্দ প্ৰকাশ কৰে। “হৃদয়নাথ জী, শেষবাৰৰ বাবে আপোনাৰ ওচৰত ক্ষমা বিচাৰিছো। মই তেতিয়া তোমাক কৈছিলো যে মোৰ ভাল নহয়। মই একেবাৰে ভালেই আছিলো, কিন্তু ইয়ালৈ আহিব বিচৰা নাছিলো। এইবাৰ মোৰ কোনো অজুহাত নাছিল, গতিকে ইয়ালৈ আহিব লগা হ’ল।” অমিতাভে ক’লে।

আশা ভোছলে এই অনুষ্ঠানৰ পৰা অনুপস্থিত আছিল-

মংগেশকাৰ পৰিয়ালৰ ভাই-ভনীসকলে অমিতাভ বচ্চনক অভিনন্দন জনায়। প্ৰথমতে লতা মংগেশকাৰৰ আনগৰাকী ভগ্নী তথা কণ্ঠশিল্পী আশা ভোছালে বিগ বিক বঁটাৰে সন্মানিত কৰিব বিচাৰিছিল যদিও অসুস্থতাৰ বাবে অনুষ্ঠানৰ পৰা আঁতৰি থাকিল।

কোনে লাভ কৰে লতা দিননাথ মংগেশকাৰ বঁটা?

লতা দিননাথ মংগেশকাৰ বঁটা প্ৰতি বছৰে দেশ, সমাজ আৰু জনসাধাৰণৰ বাবে অৱদান আগবঢ়োৱা ব্যক্তিক প্ৰদান কৰা হয়। ইয়াৰ পূৰ্বে এই বঁটা প্ৰদান কৰা হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। ২০২৩ চনত আশা ভোছলেক এই বঁটা প্ৰদান কৰা হয়।

হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ


 rajesh pande