লণ্ডনত ভাৰতীয় উচ্চায়ুক্তৰ সন্মুখত বিচ্ছিন্নতাবাদীৰ প্ৰতিবাদ
লণ্ডন, ৩১ মাৰ্চ (হি.স.)। কটকটীয়া নিৰাপত্তা ব্যৱস্থাক অৱমাননা কৰি যোৱাকালি (বৃহস্পতিবাৰ) ব্ৰিটেইনৰ
London-Indian High Commission


লণ্ডন, ৩১ মাৰ্চ (হি.স.)। কটকটীয়া নিৰাপত্তা ব্যৱস্থাক অৱমাননা কৰি যোৱাকালি (বৃহস্পতিবাৰ) ব্ৰিটেইনৰ ৰাজধানী লণ্ডনত ভাৰতীয় উচ্চায়ুক্তৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ বিচ্ছিন্নতাবাদীয়ে। তেওঁলোকৰ হাতত আছিল খালিস্তান আৰু কাশ্মীৰী বিচ্ছিন্নতাবাদী নেতাৰ সমৰ্থনত বেনাৰ।

মহানগৰ আৰক্ষীৰ এগৰাকী মুখপাত্ৰই কয় যে ভাৰতীয় উচ্চায়ুক্তৰ সন্মুখৰ বেৰিকেডত প্ৰতিবাদকাৰীক ৰখাই দিয়া হৈছে। যোৱা কেইদিনমানৰ পৰা আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া আৰু ব্ৰিটেইনৰ একাংশ বিচ্ছিন্নতাবাদীয়ে ভাৰতৰ ভাবমূৰ্তিক কুৎসিত কৰিবলৈ চেষ্টা চলাইছে। যদিও তেওঁলোকে বিশেষ সমৰ্থন লাভ কৰা নাই। কিন্তু বিদেশৰ মাটিত ভাৰত বিৰোধী প্ৰতিবাদৰ বাবেই ইয়াক আন্তৰ্জাতিক আলোচনালৈ অনাৰ চেষ্টা কৰিছে।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/অৰৱিন্দ/মনোজ


 rajesh pande