ৰাছিয়াই দখল কৰা অঞ্চলত দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰৰে ইউক্ৰেইনৰ আক্ৰমণ
ৱাশ্বিংটন, ২৫ এপ্ৰিল (হি.স.)। ইউক্ৰেইনে প্ৰথমবাৰৰ বাবে আমেৰিকাৰ পৰা লাভ কৰা দীৰ্ঘ দূৰত্বৰ বেলিষ্টিক
ৰাষ্ট্ৰপতি


ৱাশ্বিংটন, ২৫ এপ্ৰিল (হি.স.)। ইউক্ৰেইনে প্ৰথমবাৰৰ বাবে আমেৰিকাৰ পৰা লাভ কৰা দীৰ্ঘ দূৰত্বৰ বেলিষ্টিক মিছাইল ব্যৱহাৰ কৰি ৰাছিয়াই দখল কৰা অঞ্চলসমূহক লক্ষ্য কৰি লৈছে। বুধবাৰে আমেৰিকাৰ বিষয়াসকলে এই তথ্য প্ৰদান কৰে।

যোৱা সপ্তাহত ক্ৰিমিয়াৰ এটা ৰাছিয়াৰ সামৰিক বিমানবন্দৰ আৰু আন এটা দখল কৰা অঞ্চলত ৰাছিয়াৰ বাহিনীৰ ওপৰত বোমা বিস্ফোৰণ কৰা বুলি বিষয়াসকলে জনায়। যোৱা অক্টোবৰ মাহত আমেৰিকাই ইউক্ৰেইনক দুগুণ আক্ৰমণ ক্ষমতাৰ ক্ষেপণাস্ত্ৰ প্ৰদান কৰিছিল। এই ক্ষেপণাস্ত্ৰৰ সহায়ত ৩০০ কিলোমিটাৰ দূৰত্বৰ লক্ষ্যত আঘাত কৰিব পাৰি।

এজন বিষয়াই কয় যে ৰাষ্ট্ৰপতি জো বাইডেনে স্বাক্ষৰিত নতুন সামৰিক সাহায্য পেকেজৰ অধীনত আমেৰিকাই এই ক্ষেপণাস্ত্ৰৰ অধিক যোগান ধৰিছে। ইফালে, যৌথ মুখ্য কৰ্মচাৰীৰ ভাইচ চেয়াৰমেনে কয় যে ইউক্ৰেইনক দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ যোগান ধৰাৰ বাবে ‘এয়া সঠিক সময়’।

ক্ৰমাৎ ৰাছিয়াৰ বৰ্ধিত আক্ৰমণৰ সন্মুখীন হৈছে ইউক্ৰেইন। ইউক্ৰেইনে দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ অনুৰোধ জনাইছিল। আমেৰিকাই প্ৰদান কৰা এই ক্ষেপণাস্ত্ৰই অতি দূৰৈত অৱস্থিত ৰাছিয়াৰ লক্ষ্যত আক্ৰমণ কৰাৰ এক উল্লেখযোগ্য ক্ষমতা প্ৰদান কৰে।

হিন্দুস্থান সমাচাৰ/ অজিত/মনোজ


 rajesh pande