খেলো ইণ্ডিয়া মহিলা হকী লীগঃ স্প'ৰ্টছ হোষ্টেল, ওড়িশাৰ হাতত পৰাজিত এইচআইএম হকী একাডেমী
লক্ষ্ণৌ, ৩১ মাৰ্চ (হি.স.)। শুকুৰবাৰে লক্ষ্ণৌত অনুষ্ঠিত খেলো ইণ্ডিয়া উইমেনছ হকী লীগ (অনূৰ্ধ্ব-২১-ফেজ
khelo india women’s hockey league u21 _phase 2_1


লক্ষ্ণৌ, ৩১ মাৰ্চ (হি.স.)। শুকুৰবাৰে লক্ষ্ণৌত অনুষ্ঠিত খেলো ইণ্ডিয়া উইমেনছ হকী লীগ (অনূৰ্ধ্ব-২১-ফেজ ২)ৰ তৃতীয় দিনটোত এইচ আই এম হকী একাডেমীক ৬-০ গ’লত পৰাস্ত কৰি ওডিছাৰ স্প’ৰ্টছ হোষ্টেলে জয়ৰ ধাৰা অব্যাহত ৰাখিছে। শুকুৰবাৰে অনুষ্ঠিত হোৱা দিনটোৰ একমাত্ৰ খেলখনত ওডিছাৰ স্প’ৰ্টছ হোষ্টেলে এইচ আই এম হকী একাডেমীক ৬-০ গ’লত পৰাস্ত কৰে।

মেচখনত ওড়িশাৰ হৈ মমিতা ওৰামে (২’, ২৭’, ৫১’) হেট্ৰিক কৰি তিনিটা গ’ল দিয়ে। মমিতাৰ বাহিৰেও দীপ মনিকা টপ্পো (৩৩', ৩৬')ৰ দুটা গ'ল আৰু সুনীলিতা টপ্পো (২৫')ৰ এটা গ'ল।

উল্লেখ্য় যে খেলো ইণ্ডিয়া মহিলা হকী লীগ (অনূৰ্ধ্ব-২১ - দ্বিতীয় পৰ্যায়)ত ৯টা দলে অংশগ্ৰহণ কৰিছে, যিবোৰ দুটা পুলত বিভক্ত।

পুল এত আছে ভাই বেহলো হকী একাডেমী ভগতা, খালছা হকী একাডেমী, অমৃতসৰ, প্ৰীতম ছিৱাচ স্পৰ্টছ ফাউণ্ডেশ্যন আৰু সাই শক্তি দল।

আনহাতে পুল বিত হাৰ হকী একাডেমী, আইচ হকী একাডেমী, চাই বাল টিম, চেলুট হকী একাডেমী আৰু স্প’ৰ্টছ হোষ্টেল ওডিছা অন্তৰ্ভুক্ত কৰা হৈছে।

হিন্দুস্থান সমাচাৰ/সুনীল/অৰৱিন্দ/মনোজ


 rajesh pande