ইউক্ৰেইনক টেংক প্ৰদান–আমেৰিকাই ছদ্ম যুদ্ধ প্ৰসাৰ কৰাৰ অভিযোগ উত্তৰ কোৰিয়াৰ
নতুন দিল্লী, ২৮ জানুৱাৰী (হি.স.)। ইউক্ৰেইনক টেংক প্ৰদানৰ ৱাশ্বিংটনৰ সিদ্ধান্তক সমালোচনা কৰি উত্তৰ কো
tanks1


নতুন দিল্লী, ২৮ জানুৱাৰী (হি.স.)। ইউক্ৰেইনক টেংক প্ৰদানৰ ৱাশ্বিংটনৰ সিদ্ধান্তক সমালোচনা কৰি উত্তৰ কোৰিয়াই দাবী কৰিছে যে আমেৰিকাই ৰাছিয়াক ধ্বংস কৰাৰ উদ্দেশ্যেৰে ছদ্ম (প্ৰক্সি) যুদ্ধ তীব্ৰতৰ কৰি তুলিছে।

শুকুৰবাৰে সন্ধিয়া জাৰি কৰা এক বিবৃতিত উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ ভগ্নী কিম যো জঙে ইউক্ৰেইনৰ সংকটৰ বাবে আমেৰিকাক দোষাৰোপ কৰি টেংক প্ৰেৰণ কৰি ৰঙা ৰেখা অতিক্ৰম কৰাৰ অভিযোগ উত্থাপন কৰে।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, চলিত সপ্তাহৰ আৰম্ভণিতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে মস্কোৰ বিৰুদ্ধে যুঁজিবলৈ কিয়ভক ৩১ এম ১ এব্ৰামছৰ শক্তিশালী টেংক দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। এই সন্দৰ্ভত উত্তৰ কোৰিয়াৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ৱাশ্বিংটনক কঠোৰ অপৰাধী বুলি অভিহিত কৰি উত্তৰ কোৰিয়াই দাবী কৰিছে যে পিয়ংইয়াঙে সদায় ৰাছিয়াৰ সৈতে থিয় দিছে। ছিৰিয়া আৰু ৰাছিয়াৰ বাহিৰেও উত্তৰ কোৰিয়াই পূব ইউক্ৰেইনৰ ৰাছিয়াৰ সমৰ্থিত দুটা বিচ্ছিন্নতাবাদী এনক্লেভ লুহানস্ক আৰু ডনেস্কৰ স্বাধীনতাক স্বীকৃতি দিয়া একমাত্ৰ দেশ।

হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/অৰৱিন্দ/মনোজ


 rajesh pande