গোলাঘাটৰ ঐতিহাসিক শিঙিজানত বৃহত্তৰ টাই আহোম সমাজৰ মে ডাম মে ফি
গোলাঘাট, ২৮ জানুৱাৰী (হি স)। গোলাঘাটৰ ঐতিহাসিক শিঙিজান পথাৰত কেন্দ্ৰীয় ভাৱে বৃহত্তৰ টাই আহোম সমাজৰ
মে ডাম মে ফি


গোলাঘাট, ২৮ জানুৱাৰী (হি স)। গোলাঘাটৰ ঐতিহাসিক শিঙিজান পথাৰত কেন্দ্ৰীয় ভাৱে বৃহত্তৰ টাই আহোম সমাজৰ উদ্যোগত আয়োজন কৰা হৈছে মে-ডাম-মে-ফি উৎসৱ। অহা ৩০ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ বালিজানৰ ঐতিহাসিক শিঙিজান পথাৰৰ ম্যুং দুন- চুন-খাম ক্ষেত্ৰত বৃহত্তৰ গোলাঘাট টাই আহোম সমাজৰ উদ্যোগত আয়োজক সমিতি আৰু জ্ঞাতিবৰ্গৰ সহযোগত অনুষ্ঠিত কৰিছে মে-ডাম-মে-ফি।

এই উৎসৱ সম্পৰ্কত উদযাপন সমিতিয়ে এক সাংবাদমেল সম্বোধন কৰি সমূহ অসমবাসী ৰাইজৰ লগতে গোলাঘাটবাসী ৰাইজৰ সহায় সহযোগিতা বাবে আহ্বান জনায়। উল্লেখ্য যে, উক্ত কাৰ্যসূচীত অসম চৰকাৰৰ হৈ বিত্তমন্ত্ৰী অজন্তা নেওগ উপস্থিত থাকিব। ইফালে কেউটা দিনৰ কাৰ্যসূচীতে অসমৰ বহু কেইগৰাকী জনপ্ৰিয় শিল্পীয়ে সংগীত পৰিৱেশন কৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande