দক্ষিণ শালমাৰাৰ বন্দিহানাত দিবা নৈশ ভলীভল প্ৰতিযোগীতা
দক্ষিণ শালমাৰা মানকাচৰ, ২৮ জানুৱাৰী (হি.স.)। দক্ষিণ শালমাৰাৰ বন্দিহানাত দিবা নৈশ ভলীভল প্ৰতিযোগীতা অ


ভলীৱলদক্ষিণ শালমাৰা মানকাচৰ, ২৮ জানুৱাৰী (হি.স.)। দক্ষিণ শালমাৰাৰ বন্দিহানাত দিবা নৈশ ভলীভল প্ৰতিযোগীতা অনুষ্ঠিত হয় ৷ উদায়ন ক্লাবৰ উদ্যোগত দক্ষিণ শালমাৰাৰ বন্দিহানাত অনুষ্ঠিত হয় দিবা নৈশ ভলিভল প্ৰতিযোগীতা ৷ খেল খনৰ উদ্বোধন কৰে বন্দিনা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুল কাশেমে ৷

উক্ত ভলীভল খেলত অংশ গ্ৰহণ কৰে ১৪ টাকৈ দলে ৷ তাৰে ভিতৰত প্ৰথম স্থান অৰ্জন কৰিবলৈ সক্ষম হয় কাঠুলি পাৰা ক্লাব, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে জৰৱৱাৰ চৰ আৰু ছাত্ৰ দলে ৷ ইফালে খেল কমিটিৰ আমন্ত্ৰণ ৰক্ষা কৰি খেল উপভোগ কৰিবলৈ উপস্থিত হয় পঞ্চায়ত সভাপতি আব্দুচ ছালাম ৷ লগতে উপস্থিত থাকে বন্দিহানা অঞ্চলৰ বিশিষ্ট লোক সকল ৷

প্ৰতি বছৰৰ দৰে এইবাৰো উদায়ন ক্লাবৰ উদ্যোগত অনুষ্ঠিত হয় দিবা নৈশ ভলীভল প্ৰতিযোগীতাৰ ৷ ইফালে এই আকৰ্ষণীয় খেল খন উপভোগ কৰিবলৈ শ শ লোকে ভিৰ কৰা পৰলিক্ষত হয় ৷

হিন্দুস্থান সমাচাৰ/ কিশোৰ/ বিস্মিতা/মনোজ


 rajesh pande