কাঠফুলাৰ দৰে বৃদ্ধি পোৱা বেটেৰী চালিত একাংশ তিনিচকীয়া বাহন এতিয়া অসাধু ব্যৱসায়ী চক্ৰৰ ব্য়ৱহাৰ
শেহতীয়াকৈ কাঠফুলাৰ দৰে বৃদ্ধি পোৱা বেটেৰী চালিত একাংশ তিনিচকীয়া বাহন এতিয়া অসাধু ব্যৱসায়ী চক্ৰৰ।
কাঠফুলাৰ দৰে বৃদ্ধি পোৱা বেটেৰী চালিত একাংশ তিনিচকীয়া বাহন এতিয়া অসাধু ব্যৱসায়ী চক্ৰৰ ব্য়ৱহাৰ


গোলাঘাট, ০৫ আগষ্ট (হি.স.): শেহতীয়াকৈ কাঠফুলাৰ দৰে বৃদ্ধি পোৱা বেটেৰী চালিত একাংশ তিনিচকীয়া বাহন এতিয়া অসাধু ব্যৱসায়ী চক্ৰৰ লক্ষ্য হৈ পৰিছে। সাধাৰণ লোকৰ চকুত ধূলি দি এনে বাহন সমূহৰ জড়িয়তে ড্ৰাগছ ব্যৱসায়ী এটা বৃহৎ চক্ৰ কলিয়াবৰত সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে।

বেটেৰী চালিত এই বাহন সমূহত একাংশ ড্ৰাগছ আসক্ত যুৱক উঠি ঘুৰি ফুৰাৰ লগতে বাহনৰ ভিতৰতে ড্ৰাগছ সেৱন কৰাৰ উপৰিও সহজে ড্ৰাগছ সৰবৰাহ কৰাত সুবিধা হৈ পৰিছে । ইয়াৰ মাজতে যোৱাকালি মঙলবাৰে বিয়লি এনে ধৰণৰ দুখন বেটেৰী চালিত বাহন জখলাবন্ধা আৰক্ষীয়ে অনুসৰণ কৰি চিকনীৰ পৰা বাহন দুখন জব্দ কৰি বাহনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে ১৫ টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু নিচাযুক্ত দ্ৰব্য ভাং। অভিযানকাৰী আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহ কৰা বেটেৰী চালিত বাহন দুখনৰ লগতে ড্ৰাগছ আৰু ভাং সৰবৰাহ কৰা চিকনী পথাৰৰ আব্দুল জব্বৰ আৰু গৰুবন্ধাৰ ছায়দুল শেখক আটক কৰি জখলাবন্ধা আৰক্ষীয়ে থানালৈ লৈ যায়। আৰক্ষীৰ এনে ড্ৰাগছ বিৰোধী অভিযানক শলাগ লৈছে স্থানীয় ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande