পাকিস্তানত কয়লা খনি বিস্ফোৰণত কমেও ৩৪ জন লোকৰ মৃত্যু
ইছলামাবাদ (পাকিস্তান), ৩১ জুলাই (হি.স.)। দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ কয়লা খনিত সংঘটিত বিস্ফোৰণত কমেও ৩৪ জন শ্ৰমিক নিহত হৈছে। লগতে বহু লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। বেলুচিস্তান প্ৰদেশৰ ৰাজধানী কুৱেটাৰ বাহিৰৰ ছ’ৰাংগা অঞ্চলত বৃহস্পতিবাৰে সংঘ
पाकिस्तान के बलोचिस्तान प्रांत की राजधानी क्वेटा के बाहरी इलाके में गुरुवार को कोयला खदान के पास एकत्र भीड़। फोटो - द न्यूज


ইছলামাবাদ (পাকিস্তান), ৩১ জুলাই (হি.স.)। দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ কয়লা খনিত সংঘটিত বিস্ফোৰণত কমেও ৩৪ জন শ্ৰমিক নিহত হৈছে। লগতে বহু লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। বেলুচিস্তান প্ৰদেশৰ ৰাজধানী কুৱেটাৰ বাহিৰৰ ছ’ৰাংগা অঞ্চলত বৃহস্পতিবাৰে সংঘটিত হয় এই দুৰ্ঘটনা। সুৰংগটোত আবদ্ধ হৈ থকা বাকী খনিকৰসকলৰ কাষ চাপিবলৈ উদ্ধাৰ কৰ্মীয়ে জ্বৰত কাম কৰি আছে।

শুকুৰবাৰে পুৱা পিডিএমএৰ বিষয়াসকলে কয় যে কয়লা খনিটো বিস্ফোৰণৰ ফলত ভাঙি পৰা বুলি দ্য নিউজ আৰু দুনিয়া নিউজে প্ৰকাশ কৰিছে। দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৪ জনলৈ বৃদ্ধি পাইছে।খনিটোৰ পৰা আৰু ছটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰকাৰী দলে এতিয়াও সুৰংগটোত আবদ্ধ হৈ পৰাৰ আশংকা কৰা কেইবা ডজন খনিকৰৰ কাষ চাপিবলৈ চেষ্টা কৰি আছে।

বেলুচিস্তানৰ মুখ্যমন্ত্ৰী ছাৰফৰাজ বুগটিয়ে এই দুৰ্ঘটনা সন্দৰ্ভত বিতং প্ৰতিবেদনৰ আহ্বান জনাইছে। সাহায্য আৰু উদ্ধাৰ অভিযানত গাফিলতি ধৰা পৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ সকীয়াই দিয়ে। সমগ্ৰ প্ৰদেশখনৰ কয়লা খনিসমূহত সুৰক্ষাৰ নিয়ম কঠোৰভাৱে বলবৎ কৰিবলৈও তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে।

খনি আৰু খনিজ মন্ত্ৰী শ্বোৱেইব নোশ্বিৰৱানীয়ে কয় যে অত্যন্ত কঠিন পৰিস্থিতিৰ মাজতো উদ্ধাৰকাৰী দলে কাম কৰি আছে আৰু উপলব্ধ সকলো সম্পদ ব্যৱহাৰ কৰি ক্ষতিগ্ৰস্ত খনিটোত আবদ্ধ হৈ থকা বাকী শ্ৰমিকসকলৰ ওচৰলৈ যাবলৈ সক্ষম হৈছে। মৃত শ্ৰমিকৰ পৰিয়ালক পাঁচ লাখ টকাকৈ আৰু আহত শ্ৰমিকসকলক তিনি লাখ টকাকৈ দিয়া হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

কয়লা খনিৰ স্বত্বাধিকাৰী কুৰবান জোগেজাই মিথেন গেছ বিস্ফোৰণৰ ফলত সংঘটিত হৈছে এই দুৰ্ঘটনা। তেওঁ কয় যে ঘটনাৰ সময়ত খনিটোৰ ভিতৰত ৪২ জন শ্ৰমিকে কাম কৰি আছিল। তেওঁ নিশ্চিত কৰে যে আৱদ্ধ হৈ থকা আটাইকেইজনেই খাইবাৰ পখতুনখোৱাৰ শ্বাংলা জিলাৰ বাসিন্দা। আৰক্ষীৰ মতে, বৃহস্পতিবাৰে এক সুকীয়া ঘটনাত বেলুচিস্তানৰ হৰনাই জিলাত কয়লা খনিৰ দুৰ্ঘটনাত এজন শ্ৰমিকৰ মৃত্যু হয়।

খবৰ অনুসৰি বেলুচিস্তান আৰু সিন্ধ প্ৰদেশত কয়লা খনিৰ দুৰ্ঘটনা সাধাৰণতে দেখা যায়, কাৰণ নিৰাপত্তা ব্যৱস্থা অপৰ্যাপ্ত আৰু কৰ্মৰ অৱস্থা বেয়া। ইয়াৰ পূৰ্বে সিন্ধৰ থাট্টা জিলাৰ মেটিং ৰেলৱে ষ্টেচনৰ সমীপত কয়লা খনিৰ ভিতৰত দেৱাল ভাঙি ৪ শ্ৰমিকৰ মৃত্যু হৈছিল।

থাটাৰ কোহিস্তানী বেল্টৰ ইব্ৰাহিম কয়লা খনিত সংঘটিত হয় এই দুৰ্ঘটনা।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande