
কাঠমাণ্ডু, ৩০ জুলাই (হি.স.)। নেপালৰ সুনছাৰিত সাম্প্ৰদায়িক হিংসাৰ প্ৰতিবাদত হিন্দু সম্ৰাট সেনাই বৃহস্পতিবাৰে আহ্বান জনোৱা এদিনীয়া বন্ধৰ বাবে জনকপুৰধামৰ জনজীৱন ব্যাহত হৈ পৰে।
বন্ধৰ বাবে মূল বজাৰ এলেকা, দোকান, ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ পুৱাৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ আছিল। ইয়াৰ পূৰ্বে হিন্দু সম্ৰাট সেনাই জনকপুৰধাম উদ্যোগ আৰু বাণিজ্য সন্থা আৰু স্থানীয় ব্যৱসায়ী সকলক বজাৰ বন্ধ কৰি ৰাখি সংহতি প্ৰদৰ্শন কৰিবলৈ আহ্বান জনাইছিল।
হিন্দু সম্ৰাট সেনাৰ মতে, জনকপুৰধামৰ প্ৰধান বাণিজ্য কেন্দ্ৰ— জনক চক, শিৱ চক, কদম চক, ৰামানন্দ চক, আৰু ভানু চক—আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত বেছিভাগ দোকান বন্ধ হৈয়েই আছিল। সংগঠনটোৰ কৰ্মীসকলে বজাৰখনত টহল দি খোলা থকা কেইখনমান দোকান বন্ধ কৰি দিয়ে।
উদ্যোক্তা সংগঠনটোৱে সুনছাৰী কাণ্ডত প্ৰাণ হেৰুওৱা হিন্দুসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে নিহত পৰিয়ালক শীঘ্ৰে ন্যায় প্ৰদানৰ দাবী জনায়। লগতে ঘটনাৰ নিৰপেক্ষ তদন্ত আৰু দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ বাবেও হেঁচা প্ৰয়োগ কৰে।
বন্ধৰ সময়ত সম্ভাৱ্য কাৰ্যকলাপ আৰু নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় প্ৰশাসনে নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰিছে। জনকপুৰধামৰ বিভিন্ন স্পৰ্শকাতৰ স্থানত বৃহৎ সংখ্যক নেপাল আৰক্ষী আৰু সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে।
-----------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ