
কাঠমাণ্ডু, ৩০ জুলাই (হি.স.)। ৰাজধানী কাঠমাণ্ডুৰ নৃত্য ক্লাবত দুজন ভাৰতীয় পৰ্যটকক আক্ৰমণ আৰু দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত বৃহস্পতিবাৰে নেপাল আৰক্ষীয়ে দুজন নেপালী নাগৰিকক গ্ৰেপ্তাৰ কৰে।
উপ-আৰক্ষী অধীক্ষক কৌশল কুমাৰ বুঢ়াথোকীৰ মতে কাঠমাণ্ডুৰ লাজিমপাটৰ বলীউড ডান্স ক্লাবৰ পৰা কাঞ্চনপুৰ বেলডাণ্ডিৰ নিবাসী মহেশ ৰ’কায়া আৰু নুৱাকোট নিবাসী সুৰেন্দ্ৰ শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰা হৈছে।
তদন্তত প্ৰকাশ পাইছে যে ডান্স ক্লাবৰ কৰ্মচাৰীয়ে ভাৰতীয় নাগৰিকসকলক আক্ৰমণ আৰু দুৰ্ব্যৱহাৰ কৰিছিল। অধিক বিল প্ৰস্তুত কৰিছিল আৰু মোবাইল বেংকিঙৰ জৰিয়তে ধন পৰিশোধ কৰিবলৈ বাধ্য কৰাইছিল। তদুপৰি অভিযুক্তই আৰক্ষী জোৱানসকলক কামত বাধা দিয়াৰ লগতে তেওঁলোকৰ সৈতেও কাজিয়াও কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া