
কাঠমাণ্ডু, ২৯ জুলাই (হি.স.)। নেপালত বুধবাৰে পুৱা সৰ্বদলীয় বৈঠকৰ পাছত নেপালৰ শাসকীয় ৰাষ্ট্ৰ স্বতন্ত্ৰ পাৰ্টিকে ধৰি ৯টা ৰাজনৈতিক দলে ৰাষ্ট্ৰীয় একতা আৰু সামাজিক সম্প্ৰীতি ৰক্ষাৰ বাবে ঐক্যৰ প্ৰতিশ্ৰুতি দিয়ে।
এই বৈঠক খন আৰ এছ পিৰ সভাপতি ৰবি লামিচানেৰ উদ্যোগত সিংহা দৰবাৰত আহ্বান কৰা হৈছিল । নেপালী কংগ্ৰেছ, ইউএমএল, নেপালী কমিউনিষ্ট পাৰ্টি, আৰু অন্যান্য অংশগ্ৰহণকাৰী দলৰ নেতাসকলে সুনছাৰী আৰু অন্যান্য জিলাত শেহতীয়াকৈ সংঘটিত স্পৰ্শকাতৰ আৰু কৰুণ ঘটনা আৰু তাৰ পিছত উদ্ভৱ হোৱা উত্তেজনাৰ বিষয়ে বিতং আলোচনাৰ অন্তত এক যৌথ বিবৃতি প্ৰকাশ কৰে। বিবৃতিটোত সকলো ৰাজনৈতিক দলে শেহতীয়া ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ পৰিয়াললৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে নিহত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। লগতে আহত সাধাৰণ নাগৰিক আৰু নিৰাপত্তাৰক্ষীৰ আশু আৰোগ্য কামনা কৰে।
দলসমূহে নাগৰিকসকলক শান্তি আৰু সামাজিক সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাই কয় যে নেপালৰ পৰিচয় বিভিন্ন সম্প্ৰদায়ৰ মাজত ঐক্য, সহনশীলতা, আৰু সহাৱস্থানত নিহিত হৈ আছে। যুগ যুগ ধৰি চলি অহা সামাজিক সম্পৰ্কৰ ক্ষতি কৰিব পৰা কাম বা প্ৰৰোচনাত লিপ্ত নহ’বলৈ আহ্বান জনায়। তেওঁলোকে জোৰ দি কয় যে সংঘাতে সমস্যা সমাধান কৰিব নোৱাৰে, বৰঞ্চ সমস্যাবোৰ গভীৰ কৰি তোলে।
যৌথ বিবৃতিটোত অসন্তুষ্টিৰ সমাধান আৰু জটিল সমস্যা সমাধানৰ একমাত্ৰ গণতান্ত্ৰিক উপায় হিচাপে শান্তিপূৰ্ণ আলোচনা আৰু সহমতৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ইয়াত সংশ্লিষ্ট সকলো পক্ষকে শান্তিপূৰ্ণ উপায়েৰে নিজৰ দাবী আৰু অভিযোগ প্ৰকাশ কৰিবলৈ আহ্বান জনোৱা হৈছে। কেন্দ্ৰীয় পৰ্যায়ত ৰাজনৈতিক দলসমূহে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ, নিৰন্তৰ সমন্বয় বজাই ৰখা, ভৱিষ্যতে এনে স্পৰ্শকাতৰ ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ নেতৃত্বৰ ভূমিকা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল।
একেদৰে দলসমূহে নিজৰ প্ৰাদেশিক, জিলা, আৰু স্থানীয় সমিতিসমূহক তৃণমূল পৰ্যায়ৰ আলোচনা শক্তিশালী কৰিবলৈ সৰ্বদলীয় আৰু অংশীদাৰসকলৰ বৈঠকৰ আয়োজন কৰিবলৈ আহ্বান জনায়। শান্তি বজাই ৰাখিবলৈ আৰু জনবিশ্বাস গঢ়ি তুলিবলৈ ধৰ্মীয় নেতা, নাগৰিক সমাজ, স্থানীয় প্ৰশাসনৰ মাজত পাৰস্পৰিক সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিবৃতিটোত নাগৰিকসকলক দায়বদ্ধভাৱে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে সংবাদ মাধ্যমসমূহক বাস্তৱসন্মত আৰু সুষম তথ্য প্ৰচাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে। ভুল তথ্য, ঘৃণামূলক ভাষণ, উৰাবাতৰিয়ে পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তুলিব পাৰে বুলিও সকীয়াই দিয়া হৈছে।
নেপাল চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি দলসমূহে নাগৰিকৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰাটো ৰাষ্ট্ৰৰ প্ৰধান দায়িত্ব বুলি উল্লেখ কৰে। সৰ্বোচ্চ সংযম, নিৰপেক্ষ তদন্ত, দোষীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ, ভুক্তভোগীক পৰ্যাপ্ত ক্ষতিপূৰণ আৰু সকাহ দি স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে চৰকাৰক আহ্বান জনায়। ৰাজনৈতিক দলসমূহে জাতীয় ঐক্য আৰু সামাজিক সম্প্ৰীতি ৰক্ষাৰ দায়বদ্ধতা পুনৰবাৰ উল্লেখ কৰি বৰ্তমানৰ প্ৰত্যাহ্বানসমূহৰ বহনক্ষম, ফলপ্ৰসূ, আৰু শান্তিপূৰ্ণ সমাধানৰ বাবে চৰকাৰ আৰু সমাজক প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া