জাপানৰ ভূমিকম্পত আক্ৰান্ত কুমামোটো প্ৰদেশৰ শ্বপিং চেণ্টাৰত বিস্ফোৰণত দুগৰাকী মহিলাৰ মৃত্যু
টকিঅ’ (জাপান), ২৯ জুলাই (হি.স.): দেশখনৰ দক্ষিণ-পশ্চিম মূল দ্বীপ কিউছুৰ কুমামোটো প্ৰান্তত মঙলবাৰে বিয়লি ৪.২৭ বজাত অনুভূত হোৱা ভূমিকম্পৰ পিছত এটা শ্বপিং চেণ্টাৰত সংঘটিত হোৱা বিস্ফোৰণত দুগৰাকী মহিলাৰ মৃত্যু হয়। বুধবাৰে পুৱা স্থানীয় কৰ্তৃপক্ষই ঘোষণ
जापान में मंगलवार रात आए शक्तिशाली भूकंप के बाद कुमामोटो प्रांत के काशिमा में हुए जोरदार धमाके से शॉपिंग सेंटर एओन मॉल की बाहरी दीवारों को भारी नुकसान पहुंचा है। फोटो - इंटरनेट मीडिया


টকিঅ’ (জাপান), ২৯ জুলাই (হি.স.): দেশখনৰ দক্ষিণ-পশ্চিম মূল দ্বীপ কিউছুৰ কুমামোটো প্ৰান্তত মঙলবাৰে বিয়লি ৪.২৭ বজাত অনুভূত হোৱা ভূমিকম্পৰ পিছত এটা শ্বপিং চেণ্টাৰত সংঘটিত হোৱা বিস্ফোৰণত দুগৰাকী মহিলাৰ মৃত্যু হয়। বুধবাৰে পুৱা স্থানীয় কৰ্তৃপক্ষই ঘোষণা কৰে যে এগৰাকী মহিলাক অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছে। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ তীব্ৰতা ৭.১ আছিল। গেছ নিৰ্গত হোৱাৰ বাবে এই বিস্ফোৰণ সংঘটিত হোৱাৰ সন্দেহ। প্ৰদেশখনৰ চৰকাৰৰ মতে, প্ৰথমে স্থানত ১০ জন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।

জাপান টুডে কাকতৰ মতে, প্ৰতিৰক্ষা মন্ত্ৰী শ্বিনজিৰো ক’ইজুমীয়ে কয় যে দুৰ্যোগগ্ৰস্ত অঞ্চলটোত প্ৰায় ৩৬০০ আত্মৰক্ষা বাহিনীৰ জোৱান নিয়োগ কৰা হৈছে। প্ৰধান শ্বপিং চেণ্টাৰ আয়ন মল কুমামোটোত সংঘটিত হয় এই বিস্ফোৰণ। মলটো পৰিচালনা কৰা কোম্পানী আয়নে জনোৱা মতে, ভূমিকম্পৰ পিছত কৰ্মচাৰী আৰু গ্ৰাহকক শ্বপিং চেণ্টাৰৰ পৰা উলিয়াই অনাৰ পিছতে এই বিস্ফোৰণ সংঘটিত হয়।

প্ৰদেশখনৰ আৰক্ষীয়ে জনোৱা মতে, বিস্ফোৰণৰ পূৰ্বে প্ৰায় ২০০ লোকে ঘৰ এৰি থৈ গৈছে। অগ্নিনিৰ্বাপক আৰু দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ তথ্য অনুসৰি দ্বিতীয় মহলা ভাঙি পৰাৰ পিছত আৰু বহু লোক অট্টালিকাৰ ভিতৰত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। কুমামোটো চহৰৰ ঠিক বাহিৰত অৱস্থিত এই মলটো। টকিঅ’ৰ পূব দিশৰ চিবাত মুখ্য কাৰ্যালয় থকা আইয়নৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, মলটোৰ চাল আৰু দেৱাল ভাঙি গৈছে।

প্ৰধানমন্ত্ৰী ছানাই তাকাইচিৰ মতে, দেশৰ দক্ষিণ-পশ্চিম অঞ্চলত হোৱা ভূমিকম্পৰ ফলত অট্টালিকা ভাঙি পৰে। কমেও ৫০ জন লোকক চিকিৎসালয়লৈ লৈ যোৱা হয়। টাকাইচিয়ে কয় যে সম্পত্তিৰ ক্ষতিৰ মূল্যায়ন কৰা হৈছে। তেওঁ কয়, কিছুমান অঞ্চলত বিদ্যুৎ বিচ্ছিন্ন আৰু অগ্নিকাণ্ড সংঘটিত হৈছে। পথ আৰু দলং ক্ষতিগ্ৰস্ত হৈছে, আৰু অট্টালিকা ভাঙি গৈছে।

জাপান বতৰ বিজ্ঞান সংস্থাৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, এক মিটাৰ (তিনি ফুট) পৰ্যন্ত সম্ভাৱ্য চুনামীৰ বাবে চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছিল যদিও সন্ধিয়া প্ৰায় ৬:১০ বজাত সতৰ্কবাণী প্ৰত্যাহাৰ কৰা হয়। নিউক্লিয়াৰ ৰেগুলেটৰী অথৰিটিয়ে জনোৱা মতে, পাৰমাণৱিক শক্তি কেন্দ্ৰত ততাতৈয়াকৈ কোনো অস্বাভাৱিকতাৰ খবৰ পোৱা নগ’ল। স্থানীয় ইউটিলিটি কোম্পানী কিউছু ইলেক্ট্ৰিক পাৱাৰৰ মতে, কুমামোটো অঞ্চলৰ প্ৰায় ৪৫ হাজাৰ ঘৰ আৰু সুবিধা বিদ্যুৎ বিহীন।

মন কৰিবলগীয়া যে জাপান বিশ্বৰ অন্যতম ভূমিকম্প প্ৰৱণ দেশ। ই প্ৰশান্ত মহাসাগৰৰ ৰিং অৱ ফায়াৰৰ পশ্চিম প্ৰান্তত চাৰিটা প্ৰধান টেকটনিক প্লেটত অৱস্থিত। প্ৰায় ১২.৫ কোটি জনসংখ্যাৰ এই দ্বীপপুঞ্জত প্ৰতি বছৰে শ শ কম্পন হয় আৰু বিশ্বৰ মুঠ ভূমিকম্পৰ প্ৰায় ১৮ শতাংশই এই দ্বীপপুঞ্জৰ সৃষ্টি কৰে। ২০১১ চনৰ ৯.০ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জাপানক এতিয়াও খেদি ফুৰিছে। এই দুৰ্যোগৰ ফলত প্ৰায় ১৮,৫০০ লোকৰ মৃত্যু বা নিৰুদ্দেশ হৈছে, আৰু ফুকচিমা পাৰমাণৱিক উদ্যোগটো ধ্বংস হৈছিল।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande