পৰ্বতঝোৰাত চোৰাং গৰুসহ বাহন জব্দ
পৰ্বতঝোৰাত চোৰাং গৰুসহ বাহন জব্দ।
পৰ্বতঝোৰাত চোৰাং গৰুসহ বাহন জব্দ


কোকৰাঝাৰ, ২৪ জুলাই (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত যোৱা কালি বৃহস্পতিবাৰে নিশা চোৰাং গৰুসহ বাহন এখন জব্দ কৰা হৈছে ।গাম্বৰীকাটাত এখন বলেৰো বাহনৰ পৰা ৪টা গৰু উদ্ধাৰ কৰা হয় ।

জানিব পৰামতে, প্ৰাতঃভ্ৰমণলৈ অহা লোকে বিকল হৈ থকা বলৰো বাহন এখন প্ৰত্যক্ষ কৰে । বাহন খনৰ ভিতৰত গৰু প্ৰত্যক্ষ কৰাত কাজিগাঁও আৰক্ষীক খবৰ দিয়ে ৰাইজে । আৰক্ষী ঘটনাস্থলীত উপস্থিতহৈ বাহনসহ ৪টা গৰু জব্দ কৰে। জব্দকৃত বলেৰো বাহন খনৰ নম্বৰ এএছ ১৬ জে ২১১৮ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে বাহন আৰু গৰু চাৰিটা থানালৈ আনি তদন্ত আৰম্ভ কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande