
কামৰূপ, ২৩ জুলাই (হি.স.): কামৰূপৰ বংশৰ তিনি আলি চ’কত সংঘটিত হৈছে দিন ডকাইতিৰ ঘটনা । ৰৈ থকা বাহনৰ পৰা লুটি নিলে বেগসহ ডেৰ লাখ টকা । টকাৰ লগতে চোৰে লৈ গ’ল বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ । ভুক্তভোগী গৰাকী ক্ষেত্ৰী হাৰদিয়া উঃ মাঃ বিঃ ৰ প্ৰধান শিক্ষক মনোৰঞ্জন মেধী বুলি পৰিচয় পোৱা গৈছে ।
প্ৰাপ্ত তথ্য়মতে, যোৱা কালি বুধবাৰে বিয়লি প্ৰধান শিক্ষক মনোৰঞ্জন মেধীয়ে দদৰা ষ্টেট বেংকৰ পৰা উলিয়াই আনিছিল ডেৰ লাখ টকা ।বংশৰ তিনি আলিত গাড়ী ৰাখি বজাৰ কৰিবলৈ গৈছিল শিক্ষক গৰাকী । সেই সুযোগতে চোৰে গাড়ীৰ পিছফালৰ দৰ্জা খুলি লুটি নিয়ে টকাসহ বেগটো। ইফালে এই ঘটনাত ব্য়থিত হৈয়ো ভুক্তভোগী প্ৰধান শিক্ষক মনোৰঞ্জন মেধীয়ে টকা খিনি নিলেও স্কুলৰ নথি-পত্ৰখিনি ঘূৰাই দিবলৈ কাতৰ অনুৰোধ জনাইছে । বেগটোত আছিল বিদ্যালয়ৰ বহু গুৰুত্বপূৰ্ণ অফিচিয়েল নথিপত্ৰ । ইতিমধ্যে ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ