
কাছাৰ, ২৩ জুলাই (হি.স.): কাছাৰৰ কাতিগড়া অসামাজিক শক্তিৰ দৌৰাত্ম বৃদ্ধি পাইছে। ইয়াৰ মাজতে কাটিগড়া আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত কাটিগড়ৰ গ্যামন দলঙৰ পৰা কাছাৰ জিলাৰ কাতিগড়া চৌৰিঙ্গী বজাৰলৈ অভিযান চলাই ১০৭টা বাকচ অবৈধ ড্ৰাগছসহ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।
জানিব পৰা মতে, কালি বিয়লি কাটিগড়া চৌৰিঙ্গী বজাৰৰ লাখী হোটেল কম ৰেষ্টুৰেণ্টত আৰক্ষীয়ে অভিযান চলায়। তালাচীৰ সময়ত হোটেলৰ মালিক বাপ্পা মালাকাৰৰ পকেটৰ পৰা ১০৭টা অবৈধ ড্ৰাগছৰ বাকচ উদ্ধাৰ কৰা হয়।তাৰ পিছত আৰক্ষীয়ে বাপ্পা মালাকাৰক আটক কৰি উদ্ধাৰ হোৱা ড্ৰাগছসহ কাটিগৰা থানালৈ লৈ যায়। আৰক্ষীৰ সূত্ৰ অনুসৰি ধৃত বাপ্পা মালাকাৰৰ ঘৰ সিদ্ধেশ্বৰ দ্বিতীয় খণ্ড অঞ্চলত। অবৈধ ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ সন্দেহত তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ