গৌৰীপুৰত ট্ৰাকসহ চোৰাং গৰু জব্দ
গৌৰীপুৰত ট্ৰাকসহ চোৰাং গৰু জব্দ।
গৌৰীপুৰত ট্ৰাকসহ চোৰাং গৰু জব্দ


ধুবুৰী, ২৩ জুলাই (হি.স.): ৰাজ্যত এতিয়াও সক্ৰিয় চোৰাং গৰু চক্ৰ । ধুবুৰীৰ গৌৰীপুৰত ট্ৰাকসহ চোৰাং গৰু জব্দ কৰা হৈছে । লগতে চোৰাং গৰু সৰবৰাহত চক্ৰৰ চাৰিজনক আটক কৰা হয । ট্ৰাকখনৰ পৰা ২৫ টা গৰু উদ্ধাৰ কৰা হৈছে ।

উল্লেখ্য যে মলাতীখামাৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত গৌৰীপুৰ আৰক্ষীয়ে অভিযান চলায় । এই পশুধনসমূহ পশ্চিম বংগৰ পৰা অসমলৈ সৰবৰাহৰ চেষ্টা কৰা হৈছিল । জব্দকৃত ট্ৰাক খনৰ নম্বৰ এএছ –০১ ইউচি ২০৪৬ বুলি কোৱা হৈছে। আনহাতে চোৰাং গৰু সৰবৰাহকাৰী ৪ জন ক্ৰমে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ কিৰ্তন পাৰাৰ মুজাহিদুৰ ইছলাম (২৪), অভয়াপুৰীৰ ডুমৰীয়া পাৰ্ট - Iৰ হান্নান তালুকদাৰ (২৬), অভয়াপুৰীৰ বৰেগড়ৰ চাদ্দাম হুছেইন (৩৩) আৰু অভয়াপুৰীৰ ৰেগড়ৰ আব্দুল ৰউফ (৩৯)। অধিক তথ্যৰ বাবে সৰবৰাহকাৰী কেইজনক মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande