
শোণিতপুৰ, ২২ জুলাই (হি.স.)।
শোণিতপুৰ জিলাৰ
তেজপুৰৰ বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত উৰিয়ামগুৰিত যোৱা নিশা এখন মটৰ চাইকেল উদ্ধাৰ কৰা হয়। ইয়াৰ লগতে মটৰ চাইকেল চোৰকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি যোৱা নিশা প্ৰায় নবজাত এ এছ ১২ইউ ৭৩৮০ নম্বৰৰ মটৰ চাইকেলখন চুৰি হোৱা বুলি গৰাকী ফজলুৰ ৰহমানে আৰক্ষীক অভিযোগ দাখিল কৰে ৷ ইয়াৰ পিচতে আৰক্ষীয়ে বৰঘাট আৰক্ষীয়ে অভিযান চলায় আৰু নিশা প্ৰায় ১২-৩০ বজাত স্থানীয় উৰিয়ামগুৰিৰ এক গোপনস্থানত চোৰে লুকুৱাই ৰখা অৱস্থাৰ পৰা মটৰ চাইকেলখন উদ্ধাৰ কৰে ৷
উল্লেখ্য যে, এই চুৰি ঘটনাত জড়িত নুৰ জামাল (২৫) নামৰ চোৰটোক নিশাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ