মলদোভাত উপস্থিত ৰাষ্ট্ৰপতি মুৰ্মু, উপ-প্ৰধানমন্ত্ৰী মিহাই পপশ্বোইয়ে আদৰণি
নতুন দিল্লী, ২০ জুলাই (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তিনিখন দেশৰ চৰকাৰী ভ্ৰমণৰ প্ৰথম পৰ্যায়ত সোমবাৰে মলদোভাৰ ৰাজধানী চিচিনাউত উপস্থিত হয় । চিচিনাউত উপস্থিত হোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মলদোভাৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত
मोल्दोवा की राजधानी चिशिनाउ के अंतरराष्ट्रीय हवाई अड्डे पर विमान से उतरतीं राष्ट्रपति द्रौपदी मुर्मु।


मोल्दोवा की राजधानी चिशिनाउ पहुंचने पर राष्ट्रपति द्रौपदी मुर्मु का स्वागत करते मोल्दोवा के उप प्रधानमंत्री एवं विदेश मंत्री मिहाई पोपशोई।


নতুন দিল্লী, ২০ জুলাই (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তিনিখন দেশৰ চৰকাৰী ভ্ৰমণৰ প্ৰথম পৰ্যায়ত সোমবাৰে মলদোভাৰ ৰাজধানী চিচিনাউত উপস্থিত হয় । চিচিনাউত উপস্থিত হোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মলদোভাৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী মিহাই পপশ্বোইয়ে তেওঁক উষ্ম আদৰণি জনায়। ভাৰতৰ ৰাষ্ট্ৰপতিৰ এয়া প্ৰথম মলদোভা ভ্ৰমণ।

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত ৰাষ্ট্ৰপতি মুৰ্মুৰ মলদোভাত আগমনৰ কথা ঘোষণা কৰে।

ৰাষ্ট্ৰপতিগৰাকীৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত উল্লেখ কৰা হৈছে যে ৰাষ্ট্ৰপতি মুৰ্মুক মলদোভা, উত্তৰ মেচিডোনিয়া আৰু ৰোমানিয়াত ৰাজ্যিক ভ্ৰমণৰ প্ৰথম পৰ্যায়ত মলদোভাৰ ৰাজধানী চিচিনাউত উপস্থিত হোৱাৰ লগে লগে মলদোভাৰ উপ প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী মিহাই পপশ্বোইয়ে উষ্ম আদৰণি জনায়।

সোমবাৰে ৰাষ্ট্ৰপতি মুৰ্মুৱে মলদোভাৰ ৰাষ্ট্ৰপতি মাইয়া চান্দুৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ’ব । ইয়াৰ উপৰিও মলদোভা সংসদৰ অধ্যক্ষ ইগ’ৰ গ্ৰ’ছুৰ সৈতে সাক্ষাৎ কৰাৰ লগতে মলদোভা-ভাৰত সংসদীয় বন্ধুত্ব গোটৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ উপৰিও তেওঁ ব্যৱসায়িক মঞ্চত ভাষণ দিয়াৰ লগতে মলদোভাত বসবাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতে সাক্ষাৎ কৰাৰ কথা আছে।

মন কৰিবলগীয়া যে ৰাষ্ট্ৰপতি মুৰ্মুৱে ১৯ জুলাইৰ পৰা ২৫ জুলাইলৈ মলদোভা, উত্তৰ মেচিডোনিয়া আৰু ৰোমানিয়ালৈ আনুষ্ঠানিক ভ্ৰমণত আছে । ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ২১ জুলাইত উত্তৰ মেচিডোনিয়াত উপস্থিত হ’ব, য’ত তেওঁ ৰাষ্ট্ৰপতি গৰ্ডানা চিলজানোভস্কা-ডাভকোভাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। প্ৰধানমন্ত্ৰী হৃষ্টিজান মিকোস্কিৰ সৈতেও সাক্ষাৎ কৰিব, উত্তৰ মেচিডোনিয়াৰ সংসদত ভাষণ দিব, ভাৰত-উত্তৰ মেচিডোনিয়া ব্যৱসায়িক মঞ্চত অংশগ্ৰহণ কৰিব।

ভ্ৰমণৰ অন্তিম পৰ্যায়ত ২৩ জুলাইত ৰোমানিয়াত উপস্থিত হ’ব ৰাষ্ট্ৰপতিগৰাকী।তাত ৰাষ্ট্ৰপতি, অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী আৰু চেনেটৰ অধ্যক্ষৰ সৈতে সাক্ষাৎ কৰিব। ভাৰত-ৰোমানিয়া সংসদীয় বন্ধুত্ব গোটৰ সদস্যসকলৰ সৈতেও তেওঁ মত বিনিময় কৰিব, ভাৰত-ৰোমানিয়া ব্যৱসায়িক মঞ্চত ভাষণ দিব, আৰু ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতে সাক্ষাৎ কৰিব।

-----------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande