
মুজাফ্ফৰনগৰ, ২০ জুলাই (হি.স.)। উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰ বুধনাৰ হাবিবপুৰ গাঁৱত দেওবাৰে নিশা বৰষুণৰ সময়ত এটা ঘৰ ভাঙি পৰে। পৰিয়ালটোৰ মুৰব্বী আৰু তেওঁৰ চাৰিটা সন্তান ধ্বংসস্তুপৰ তলত পোত যায়, যাৰ ফলত তেওঁলোকৰ মৃত্যু হয়। আহত দুগৰাকী কন্যাক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে সকলো জিলা বিষয়াই ঘটনাস্থলী পৰিদৰ্শন কৰি ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযান চলায়।
জিলা দণ্ডাধীশ উমেশ মিশ্ৰই জনোৱা মতে, দেওবাৰে হাবিবপুৰ গাঁৱৰ নিবাসী ইছলামুদ্দিন (৫৮) নামৰ এজন লোকে ৰাতিৰ আহাৰ গ্ৰহণ কৰি জিৰণি লৈ আছিল। তেওঁৰ কন্যা ৰুখছাৰ (১০), ৰুকাইয়া (৮), সমায় (৭), আলচিবা (৪) আৰু পুত্ৰ আহাদ (৫) আৰু জিছান (১) তেওঁৰ লগত উপস্থিত আছিল। ল’ৰা-ছোৱালী দুটাৰ সৈতে তেওঁৰ পত্নীয়ে চুবুৰীলৈ গৈছিল। ইফালে ঘৰৰ চালখন হঠাৎ ভাঙি ধ্বংসাৱশেষৰ তলত পুতি থয় মালিক আৰু ল’ৰা-ছোৱালী।
গাঁৱৰ মুৰব্বীজনে খবৰ দিয়ে যে শ্ৰমিক ইছলামুদ্দিনৰ ঘৰটো বোকাৰে তৈয়াৰ কৰা হৈছে। দেওবাৰে নিশা বৰষুণৰ বাবে ছাদ ভাঙি সমগ্ৰ পৰিয়ালটো ধ্বংসাৱশেষৰ তলত পুতি থোৱা হয়। আৰক্ষীৰ সহায়ত ৰাইজে আহতসকলক চিকিৎসালয়লৈ লৈ যায় আৰু চিকিৎসকে পৰিয়ালৰ মুৰব্বী আৰু তেওঁৰ চাৰিটা সন্তান ৰুখছাৰ, আহাদ, আলচিবা, জিছানক মৃত ঘোষণা কৰে। গুৰুতৰভাৱে আহত হয় ৰুকাইয়া আৰু ছুমাইয়া।
দুৰ্ঘটনাটোৰ কথা জানিব পাৰি দক্ষতা বিকাশৰ ৰাজ্যিক মন্ত্ৰী কপিল দেৱ আগৰৱালা, উপায়ুক্ত ৰূপেশ কুমাৰ, জিলা দণ্ডাধীশ উমেশ মিশ্ৰ, এছ এছ পি সঞ্জয় ভাৰ্মা, চি অ’ ফুগানা নৰেন্দ্ৰ যাদৱ, আৰু চি অ’ বুধনা গজেন্দ্ৰ পাল সিং ঘটনাস্থলীত উপস্থিত হয়। বিষয়াসকলে গাঁওবাসীৰ পৰা ঘটনা সন্দৰ্ভত তথ্য সংগ্ৰহ কৰে।
মন্ত্ৰী আগৰৱালাই পৰিয়ালটোক সকলো ধৰণৰ সাহায্য প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে। দুৰ্ঘটনাত আহত শিশুসকলক সম্ভৱপৰ উত্তম চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ তেওঁ চিকিৎসকসকলক নিৰ্দেশ দিয়ে। লগতে এনে ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ বাবে প্ৰশাসনক নিৰ্দেশ দিয়ে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ