ৰাজৌৰী-পুঞ্চত বৰষুণৰ বিধ্বংসী ৰূপ ধাৰণ, বানপানী, ভূমিস্খলনে; কমেও ১২ জন নিৰুদ্দেশ; দ্বিতীয় দিনৰ বাবে স্থগিত অমৰনাথ আৰু বৈষ্ণো দেৱীৰ তীৰ্থযাত্ৰা
জম্মু, ২০ জুলাই (হি.স.)। জম্মু সংমণ্ডলৰ পুঞ্চ আৰু ৰাজৌৰীত দেওবাৰে আকস্মিক বানপানী আৰু ভূমিস্খলনৰ ফলত ৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ১২ জন নিৰুদ্দেশ হৈছে। একেৰাহে দ্বিতীয় দিন তেওঁলোকৰ সন্ধান অব্যাহত আছে। ধাৰাসাৰ বৰষুণ আৰু অশুভ বতৰৰ বাবে একে
राजौरी पुंछ में लापता लोगों की तलाश व बचाव अभियान आज दूसरे दिन भी जारी


জম্মু, ২০ জুলাই (হি.স.)। জম্মু সংমণ্ডলৰ পুঞ্চ আৰু ৰাজৌৰীত দেওবাৰে আকস্মিক বানপানী আৰু ভূমিস্খলনৰ ফলত ৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ১২ জন নিৰুদ্দেশ হৈছে। একেৰাহে দ্বিতীয় দিন তেওঁলোকৰ সন্ধান অব্যাহত আছে। ধাৰাসাৰ বৰষুণ আৰু অশুভ বতৰৰ বাবে একেৰাহে দ্বিতীয় দিনৰ বাবে শ্ৰী অমৰনাথ যাত্ৰা আৰু মাতা বৈষ্ণোদেৱী যাত্ৰা স্থগিত ৰখা হৈছে। বানপানীৰ ফলত ঘৰ-দুৱাৰ, ৰাজহুৱা আন্তঃগাঁথনি, পশুধন, কৃষিভূমিৰ ব্যাপক ক্ষতিসাধন হৈছে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে পুঞ্চ জিলা। চুবুৰীয়া ৰাজৌৰী জিলাতো যথেষ্ট ক্ষতিসাধন হৈছে।

জম্মু সংমণ্ডলত ১৪৫টা আৱাসিক ঘৰৰ ক্ষতিসাধন হোৱা বুলি বিষয়াসকলে প্ৰকাশ কৰিছে। ইয়াৰে পুঞ্চত ৯৩টা, ৰাজৌৰীত ৪২টা, ৰিয়াছিত ৮টা, কিষ্টৱাৰ আৰু ৰামবনত এটাকৈ ক্ষতিগ্ৰস্ত হৈছে। পুঞ্চত ১৭খন বিদ্যালয়, ২৪খন পৰম্পৰাগত ৱাটাৰমিল আৰু তিনিখন দোকানো ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে বিএছএনএল আৰু এয়াৰটেলৰ মোবাইল সেৱা বহু ক্ষেত্ৰত ব্যাহত হৈ পৰে। ৰাজৌৰীয়েও যথেষ্ট ধ্বংসলীলাৰ সাক্ষী হৈ পৰে, বেলাৰ বাছ ষ্টেণ্ড আৰু শিশু পাৰ্কৰ প্ৰায় ৯০ শতাংশ উটুৱাই লৈ যায়। এখন বিদ্যালয় আৰু ৫৬খন বাহনৰো ক্ষতিসাধন হয়, আৰু প্ৰায় ৩০০ ঘৰত খোৱাপানীৰ যোগান ব্যাহত হয়।

কিষ্টৱাৰৰ চত্ৰু তহচিলৰ বাটৱান নলাত থকা ফ্লেছৱাটাৰে জামা মছজিদ, মাদ্ৰাছা ভৱন, দোকানৰ আংশিক ক্ষতিসাধন কৰে। মুঠ ১২৭টা কৃষিভূমি ক্ষতিগ্ৰস্ত হয়, য’ত পুঞ্চৰ ৯২টা আৰু ৰাজৌৰীৰ ৩৫টা কানালকে ধৰি কৃষিভূমি ক্ষতিগ্ৰস্ত হয়।

এছডিআৰএফ, আৰক্ষী, অসামৰিক প্ৰশাসন, আৰু অন্যান্য সংস্থাসমূহৰ উদ্ধাৰকাৰী দলে নিৰুদ্দেশ হোৱা লোকসকলক বিচাৰিছে, ক্ষতিৰ মূল্যায়ন কৰিছে, আৰু অত্যাৱশ্যকীয় সেৱাসমূহ পুনৰুদ্ধাৰ কৰিছে। চেনানী-নাশ্ৰী সুৰংগৰ উত্তৰ প্ৰৱেশদ্বাৰৰ সমীপত হোৱা ভূমিস্খলনে ৰাষ্ট্ৰীয় ঘাইপথৰ এটা সুৰংগ অৱৰোধ কৰি পেলাইছে। ধাৰাসাৰ বৰষুণৰ ফলত চোবু নলাত হোৱা ক্ষন্তেকীয়া বানপানী আৰু ভূমিস্খলনে উধমপুৰ-পাঞ্চেৰী আৰু কইন্থগালী-মৌংৰি পথ অৱৰোধ কৰে।

বানপীড়িত জিলাসমূহৰ পৰিস্থিতি লেফটেনেণ্ট গৱৰ্ণৰে অহৰহ নিৰীক্ষণ কৰি আছে আৰু যুদ্ধৰ ভিত্তিত উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে আজি দ্বিতীয় দিনৰ বাবে অমৰ্নাথ যাত্ৰা আৰু মাতা বৈষ্ণো দেৱী যাত্ৰা অসুস্থ বতৰৰ বাবে স্থগিত ৰখা হৈছে । মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই প্ৰশাসনক হাই এলাৰ্টত থাকিবলৈ আৰু উদ্ধাৰ, সাহায্য, আৰু পুনৰুদ্ধাৰৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিছে । আজিৰ পৰাই ক্ষতিগ্ৰস্ত জিলাসমূহ ভ্ৰমণ আৰম্ভ কৰিব পাৰে মন্ত্ৰীসকলে।

বতৰ বিজ্ঞান বিভাগে ২৩ জুলাইলৈকে ৰেইছি, উধামপুৰ, ৰামবান, জম্মু, কথুৱা, আৰু চাম্বাকে ধৰি কেইবাখনো জিলাৰ লগতে ডোডা, কিষ্টৱাৰ, ৰাজৌৰী, পুঞ্চৰ কিছু অংশত প্ৰচণ্ড বৰষুণ, আকস্মিক বানপানী আৰু ভূমিস্খলনৰ পূৰ্বানুমান ব্য়ক্ত কৰিছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande