পূৰ্ণ ৰাজ্যৰ দাবীত যন্তৰ মন্তৰত ৰাষ্ট্ৰীয় সন্মিলনৰ প্ৰতিবাদ
নতুন দিল্লী, ২০ জুলাই (হি.স.)। জম্মু-কাশ্মীৰৰ শাসকীয় দল নেশ্যনেল কনফাৰেন্সৰ নেতাসকলে দলৰ সভাপতি ফাৰুক আব্দুল্লাৰ নেতৃত্বত সোমবাৰে যন্তৰ মন্তৰত পূৰ্ণ ৰাজ্যৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ পিছত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ফাৰুক আব্দ
Assassination attempt on Farooq Abdullah


নতুন দিল্লী, ২০ জুলাই (হি.স.)। জম্মু-কাশ্মীৰৰ শাসকীয় দল নেশ্যনেল কনফাৰেন্সৰ নেতাসকলে দলৰ সভাপতি ফাৰুক আব্দুল্লাৰ নেতৃত্বত সোমবাৰে যন্তৰ মন্তৰত পূৰ্ণ ৰাজ্যৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদৰ পিছত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ফাৰুক আব্দুল্লাই কয় যে, আমি আজি একত্ৰিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সংসদ, জম্মু-কাশ্মীৰৰ জনসাধাৰণ, আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতিৰ কথা সোঁৱৰাই দিছো।

উল্লেখযোগ্য যে ৩৭০ অনুচ্ছেদ বাতিলৰ পাছত লাডাখক জম্মু-কাশ্মীৰৰ পৰা পৃথক কৰি দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৃষ্টি কৰা হয় । ইফালে উপ-মুখ্যমন্ত্ৰী তথা দলৰ নেতা সুৰেন্দ্ৰ চৌধৰীয়ে কয় যে আমি দিল্লীলৈ গৈ প্ৰতিবাদ কৰিব লগা হোৱাটো আমাৰ বাবে অতি দুৰ্ভাগ্যজনক । গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যৰ স্থান পুনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিছিল । উল্লেখ্য় যে জম্মু-কাশ্মীৰত ৰাজ্যিক চৰকাৰ গঠন হোৱাৰ দুবছৰ অতিক্ৰম কৰিলে ।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande