দিখৌ নদীৰ বানপানীৰ ফলত ছিমালুগুৰিত ৰে’ল সেৱা ব্যাহত, যাত্ৰীসকলৰ বাবে বিশেষ সাহায্যৰ ব্যৱস্থা
গুৱাহাটী, ২০ জুলাই (হি.স.)। শিৱসাগৰত দিখৌ নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে জিলাখনৰ বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । শিমলুগুৰি অঞ্চলৰ জলপৃষ্ঠ ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ ফলত ৰে’ল ষ্টেচনৰ চোতাল, ৰে’লৱে কলনী, ৰে’লপথ আদি বানপানীয়ে বুৰাই পেলাইছে। ফলস্
रेलवे ट्रैक पर बाढ़ के पानी की तस्वीर।


গুৱাহাটী, ২০ জুলাই (হি.স.)। শিৱসাগৰত দিখৌ নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে জিলাখনৰ বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । শিমলুগুৰি অঞ্চলৰ জলপৃষ্ঠ ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ ফলত ৰে’ল ষ্টেচনৰ চোতাল, ৰে’লৱে কলনী, ৰে’লপথ আদি বানপানীয়ে বুৰাই পেলাইছে। ফলস্বৰূপে উত্তৰ-পূব সীমান্ত ৰে’লৱেই (এন এফ ৰে’লৱে) শিমলুগুৰি-নামটিয়ালি আৰু শিমলুগুৰি-চেলেংহাট অংশত সুৰক্ষাক অগ্ৰাধিকাৰ দি পৰৱৰ্তী জাননী নিদিয়ালৈকে সকলো ৰে’ল সেৱা বন্ধ কৰি দিছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া কপিঞ্জল শৰ্মাই সোমবাৰে কয় যে বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দীৰ্ঘ দূৰত্বৰ ৰে’লৰ চলাচলতো পৰিৱৰ্তন কৰা হৈছে। ডিব্ৰুগড় আৰু নতুন তিনিচুকীয়াৰ পৰা উৎপত্তি হোৱা দীৰ্ঘ দূৰত্বৰ ৰে’লসমূহ এতিয়া ৰঙিয়া-ৰঙাপাড়া পথেৰে ডাইভাৰ্ট কৰি যাত্ৰীসকলৰ অসুবিধা কম কৰাৰ লগতে ৰে’ল সেৱা যিমান পাৰি অব্যাহত ৰখাটো নিশ্চিত কৰা হৈছে। ইফালে, ক্ষতিগ্ৰস্ত অংশত চলি থকা কেইবাখনো স্থানীয় ৰে’ল বাতিল কৰাৰ বিপৰীতে কিছুমান ৰে’ল আংশিকভাৱে স্থগিত ৰখা হৈছে।

ৰে’ল প্ৰশাসনে উল্লেখ কৰা অনুসৰি ক্ষতিগ্ৰস্ত অঞ্চলত অভিযান্ত্ৰিক আৰু কাৰিকৰী কৰ্মচাৰীৰ বিশেষ দল মোতায়েন কৰা হৈছে প্ৰয়োজনীয় সা-সঁজুলি আৰু যোগানৰ সৈতে। বিষয়াসকলে অহৰহ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে। কিন্তু বানপানীৰ পানী কমি যোৱাৰ পিছতহে ট্ৰেক, দলং, আৰু অন্যান্য ৰে’ল আন্তঃগাঁথনিৰ বিশদ পৰিদৰ্শন সম্ভৱ হ’ব । তাৰ পিছত ক্ষতিৰ মূল্যায়ন কৰা হ’ব আৰু প্ৰয়োজনীয় মেৰামতি আৰম্ভ কৰা হ’ব, আৰু সুৰক্ষাৰ মানদণ্ড নিশ্চিত হোৱাৰ পিছতহে ৰে’ল সেৱা পুনৰ আৰম্ভ কৰা হ’ব ।

ৰে’লৱেই যাত্ৰীসকলক সকাহ দিয়াৰ বাবেও কেতবোৰ বিশেষ ব্যৱস্থা কৰিছে। ডাঙৰ ডাঙৰ ষ্টেচনত সহায়ক কেন্দ্ৰ স্থাপন কৰা হৈছে, য’ত যাত্ৰীসকলক খাদ্যৰ পেকেট, খোৱাপানী, আৰু অন্যান্য অত্যাৱশ্যকীয় সুবিধা প্ৰদান কৰা হৈছে। যিসকল যাত্ৰীৰ যাত্ৰাত প্ৰভাৱ পৰিছে তেওঁলোকৰ বাবেও টিকট ঘূৰাই দিয়া আৰু বাতিল কৰাৰ প্ৰক্ৰিয়াও সহজ কৰি তোলা হৈছে, যাতে তেওঁলোকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়।

বিকল্প যাতায়তৰ সুবিধাও নিশ্চিত কৰিছে ৰে’লৱেই। নামতিয়ালিৰ পৰা শিৱসাগৰ টাউন ৰেলৱে ষ্টেচনলৈ যাত্ৰী কঢ়িয়াই নিয়াৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আৰু স্থানীয় যান-বাহনৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ উপৰি শিৱসাগৰ টাউনৰ পৰা ডিব্ৰুগড় আৰু নিউ তিনিচুকীয়ালৈ বিশেষ ৰে’ল চলাই আৱদ্ধ যাত্ৰীসকলক তেওঁলোকৰ গন্তব্যস্থানলৈ ক্ষিপ্ৰতাৰে পৰিবহণ কৰাৰ পৰিকল্পনা চলি আছে ।

আনহাতে, বানত ক্ষতিগ্ৰস্ত ৰে’লৰ যাত্ৰীসকলক সহায়ৰ বাবে ৰে’লৱেই এক বিশেষ অভিযান আৰম্ভ কৰে । ২২৫০৩ বিবেক এক্সপ্ৰেছৰ ২১৭ জন যাত্ৰীক পথেৰে নিৰাপদে চেলেংহাটৰ পৰা মৰিয়নীলৈ লৈ যোৱা হয় । ১৫৯৫৯ নং কামৰূপ এক্সপ্ৰেছৰ ৫৭০ জন যাত্ৰী আৰু ১৫৯৩৪ অমৃতসৰ-তিনচুকীয়া এক্সপ্ৰেছৰ ৪৯০ যাত্ৰীক মৰিয়নী ষ্টেচনত খাদ্য, খোৱাপানী, আৰু অন্যান্য অত্যাৱশ্যকীয় সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছে ।

ৰে’ল প্ৰশাসনে যাত্ৰীসকলক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে ৰে’লৰ শেহতীয়া অৱস্থা পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে । লগতে বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাইজক অপ্ৰয়োজনীয় যাতায়তৰ পৰা বিৰত থাকিবলৈ আৰু ৰেলৱেই জাৰি কৰা চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনোৱা হৈছে।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande