কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানৰ শ্ৰী হৰিমন্দিৰ চাহাবত প্ৰণাম
অমৃতসৰ, ১৯ জুলাই (হি.স.)। কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী চিৰাগ পাছোৱানে দেওবাৰে অমৃতসৰৰ সচখণ্ড শ্ৰী হৰিমন্দিৰ চাহাব পৰিভ্ৰমণ কৰে। তেওঁ গুৰুদ্বাৰত প্ৰণাম কৰি দেশ আৰু বিশ্বৰ সমৃদ্ধিৰ বাবে আৰু সকলোৰে মংগলৰ বাবে প্ৰাৰ্থনা কৰে। সন্মানৰ চিন স্বৰ
ਸ੍ਰੀ ਹਰਿਮੰਦਰ ਸਾਹਿਬ ਵਿਖੇ ਮੱਥਾ ਟੇਕਦੇ ਹੋਏ  ਚਿਰਾਗ ਪਾਸਵਾਨ ਤੇ ਨਾਲ ਉਨ੍ਹਾਂ ਦੀ ਮਾਤਾ।


অমৃতসৰ, ১৯ জুলাই (হি.স.)। কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী চিৰাগ পাছোৱানে দেওবাৰে অমৃতসৰৰ সচখণ্ড শ্ৰী হৰিমন্দিৰ চাহাব পৰিভ্ৰমণ কৰে। তেওঁ গুৰুদ্বাৰত প্ৰণাম কৰি দেশ আৰু বিশ্বৰ সমৃদ্ধিৰ বাবে আৰু সকলোৰে মংগলৰ বাবে প্ৰাৰ্থনা কৰে। সন্মানৰ চিন স্বৰূপে পাগুৰিও পৰিধান কৰিছিল ।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত চিৰাগ পাছোৱানে কয় যে শ্ৰী হৰিমন্দিৰ চাহাব ভ্ৰমণৰ লগে লগে তেওঁ সদায় এক বিশেষ আধ্যাত্মিক শক্তি আৰু মানসিক শান্তি অনুভৱ কৰে। তেওঁ কয় যে বৰ্তমানৰ সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিত পূৰ্বতকৈ ইতিবাচক শক্তি আৰু সঠিক দিশৰ প্ৰয়োজনীয়তা অধিক। এই কামনাৰে তেওঁ গুৰুদ্বাৰত প্ৰাৰ্থনা কৰিবলৈ আহিছিল।

চিৰাগ পাছোৱানে কয় যে তেওঁৰ পিতৃ তথা লোক জনশক্তি পাৰ্টিৰ প্ৰতিষ্ঠাপক প্ৰয়াত ৰামবিলাস পাছৱান তেওঁৰ আদৰ্শ আৰু ৰাজনৈতিক প্ৰেৰণা। তেওঁৰ পথ অনুসৰণ কৰি দলটোৱে সমগ্ৰ দেশতে সংগঠনৰ সম্প্ৰসাৰণ কৰিছে। তেওঁ কয় যে পঞ্জাৱতো দলটোৱে নতুন চিন্তা, উন্নয়ন আৰু জনকল্যাণৰ বিষয় লৈ ৰাইজৰ কাষ চাপিব।

তেওঁ অভিযোগ কৰে যে পঞ্জাৱক দীৰ্ঘদিন ধৰি ইয়াৰ উচিত অধিকাৰ আৰু উন্নয়নৰ অংশৰ পৰা বঞ্চিত কৰা হৈছে। কংগ্ৰেছ, শিৰোমণি আকালি দল, আৰু আম আদমী পাৰ্টিক লক্ষ্য কৰি তেওঁ কয় যে এই দলসমূহৰ চৰকাৰসমূহে শিক্ষা, স্বাস্থ্য, কৰ্মসংস্থাপনৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত আশা পূৰণ কৰাত ব্যৰ্থ হৈছে।

যন্তৰ মন্তৰত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদ সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত চিৰাগ পাছোৱানে কয় যে গণতন্ত্ৰত প্ৰতিজন নাগৰিকে নিজৰ মতামত প্ৰকাশ কৰাৰ লগতে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ অধিকাৰ আছে। কিন্তু যিকোনো সমস্যাৰ স্থায়ী আৰু ব্যৱহাৰিক সমাধান কেৱল আন্দোলনৰ জৰিয়তেহে পোৱা নাযায়, বৰঞ্চ চৰকাৰ আৰু সংশ্লিষ্ট পক্ষৰ মাজত অৰ্থপূৰ্ণ আলোচনাৰ জৰিয়তেহে পোৱা যায়।

স্বচ্ছতা বৃদ্ধি আৰু শিক্ষা ব্যৱস্থাত প্ৰয়োজনীয় সংস্কাৰ কৰাৰ প্ৰয়োজনীয়তাক অস্বীকাৰ কৰিব নোৱাৰি বুলিও তেওঁ কয়। তেওঁ লগতে অভিযোগ কৰে যে একাংশ ৰাজনৈতিক দলে এই প্ৰতিবাদক নিজৰ ৰাজনৈতিক স্বাৰ্থ আগুৱাই নিয়াৰ বাবে ব্যৱহাৰ কৰিছে। চিৰাগ পাছৱানে কয় যে ৰাজনীতিৰ ওপৰত উঠি জনস্বাৰ্থক অগ্ৰাধিকাৰ দিয়া উচিত। ইতিবাচক আলোচনা আৰু পাৰস্পৰিক সন্মতিৰ জৰিয়তেহে সমস্যাৰ ফলপ্ৰসূ আৰু স্থায়ী সমাধান বিচাৰি পাব পাৰি ।

--------------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande