
নতুন দিল্লী, ১৯ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ভাৰতৰ তাৰকা শ্বাটলাৰ পিভি সিন্ধুক জাপান অ’পেন ২০২৬ত জয়লাভ কৰাৰ বাবে অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰত লিখিছে, ভাৰতীয় বেডমিণ্টনৰ বাবে এক ঐতিহাসিক কৃতিত্ব! ২০২৬ চনৰ জাপান অ'পেন জয় কৰাৰ বাবে পি ভি সিন্ধুক অভিনন্দন। সমগ্ৰ প্ৰতিযোগিতাখনত তেওঁৰ দৃঢ়তা আৰু উৎকৃষ্ট দক্ষতা স্পষ্ট হৈ পৰিছিল। এই কৃতিত্ব আৰু অধিক বিশেষ কাৰণ তেওঁ এই খিতাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ । ইয়াৰ দ্বাৰা সমগ্ৰ দেশৰ অগণন যুৱ খেলুৱৈয়ে উজ্জ্বলভাৱে খেলিবলৈ আৰু প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত হ'ব ।
উল্লেখযোগ্য যে ভাৰতৰ তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৱে আজি এক উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই জাপানৰ আকানে ইয়ামাগুচিক পোনপটীয়া খেলত পৰাস্ত কৰি জাপান অ’পেন ২০২৬ মহিলা একক খিতাপ দখল কৰে। এই জয়ৰ জৰিয়তে সিন্ধুৱে জাপান অ’পেনত জয়ী হোৱা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে ।
ফাইনেলত সিন্ধুৱে আক্ৰমণাত্মক স্মেছ, সঠিক ড্ৰপ শ্বট, আৰু উৎকৃষ্ট ক’ৰ্ট কভাৰেজ প্ৰদৰ্শন কৰি ঘৰুৱা খেলুৱৈ ইয়ামাগুচিক মাত্ৰ ৫০ মিনিটতে ২১-১৭, ২১-১৭ ব্য়ৱধানত পৰাস্ত কৰে। ইয়াৰ উপৰিও কেৰিয়াৰৰ প্ৰথমটো বি ডব্লিউ এফ ছুপাৰ ৭৫০ খিতাপো লাভ কৰে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ