মধ্যপ্ৰদেশৰ পান্নাত ‘চিতা আন্দোলন’ৰ বিৰুদ্ধে আৰক্ষীৰ পদক্ষেপ; ৩০০ প্ৰতিবাদকাৰীক আটক
ভূপাল/পান্না, ১৯ জুলাই (হি.স.)। মধ্যপ্ৰদেশৰ পান্না জিলাত জলসিঞ্চন প্ৰকল্পত দুৰ্নীতি আৰু পুনৰ্বাসনৰ বিষয়ক ‘চিতা আন্দোলন’ৰ ১৭ তম দিনা দেওবাৰে পুৱাৰ ভাগত প্ৰতিবাদৰ নেতৃত্ব দিয়া অমিত ভাটনগৰকে ধৰি প্ৰায় ৩০০ প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰে। ৰাজ্যখনৰ
पन्ना में चिता आंदोलन कर रहे प्रदर्शनकारियों पर पुलिस का एक्शन


पन्ना में चिता आंदोलन कर रहे प्रदर्शनकारियों पर पुलिस का एक्शन


ভূপাল/পান্না, ১৯ জুলাই (হি.স.)। মধ্যপ্ৰদেশৰ পান্না জিলাত জলসিঞ্চন প্ৰকল্পত দুৰ্নীতি আৰু পুনৰ্বাসনৰ বিষয়ক ‘চিতা আন্দোলন’ৰ ১৭ তম দিনা দেওবাৰে পুৱাৰ ভাগত প্ৰতিবাদৰ নেতৃত্ব দিয়া অমিত ভাটনগৰকে ধৰি প্ৰায় ৩০০ প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰে।

ৰাজ্যখনৰ বুণ্ডেলখণ্ড অঞ্চলত কেন-বেতৱা লিংক প্ৰজেক্ট আৰু অন্যান্য জলসিঞ্চন প্ৰকল্পৰ বিৰুদ্ধে বিগত ১৬ দিন ধৰি চলি আছে ‘চিতা আন্দোলন’ । ইয়াৰ ১৭ তম দিনা পান্না আৰু ছটাৰপুৰ জিলাৰ সীমান্তৰ কুপি গাঁৱৰ সমীপত বনালা নদীৰ ওপৰত নিৰ্মান হৈ থকা দলঙৰ সমীপত চলি থকা ‘চিতা আন্দোলন’ মঞ্চ ঘেৰাও কৰে আৰক্ষী আৰু প্ৰশাসনে। পুৱা প্ৰায় ৫ বজাত এটা গধুৰ আৰক্ষী বাহিনীয়ে সমগ্ৰ প্ৰতিবাদস্থলীটো ঘেৰাও কৰি তাত শুই থকা প্ৰতিবাদকাৰীক আটক কৰিবলৈ আৰম্ভ কৰে।

প্ৰতিবাদকাৰীসকলে দাবী কৰে যে আৰক্ষীয়ে নিৰ্মম ভাৱে ২৫০ৰ পৰা ৩০০ লোকক আটক কৰি বাহনত ভৰাই লয়। খবৰ অনুসৰি বিগত ১৪ দিন ধৰি খাদ্য-পানী নোহোৱাকৈ অনশন কৰি থকা অমিত ভটনগৰৰ অৱস্থাৰ অৱনতি ঘটাত তেওঁক চিকিৎসা পৰীক্ষাৰ বাবে লৈ যোৱা হয়। অৱশ্যে তেওঁক ক’ত ৰখা হৈছে সেই চিকিৎসালয় বা স্থান এতিয়াও প্ৰকাশ কৰা নাই প্ৰশাসনে।

প্ৰতিবাদৰ সৈতে জড়িত বিঝাৱাৰ পৌৰ পৰিষদৰ কাউন্সিলাৰ তথা এল এল বি ছাত্ৰী দিব্যা আহিৰৱাৰে ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি আৰক্ষীৰ এই কাৰ্যক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। দিব্যাই অভিযোগ কৰে যে দেওবাৰে বিয়লি অমিত ভাটনগৰে জলসিঞ্চন প্ৰকল্পৰ দুৰ্নীতিৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ চৰকাৰী নথি-পত্ৰ প্ৰকাশ কৰাৰ কথা আছিল, যাৰ বাবে প্ৰশাসনে পুৱাই এই দমনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগাইছিল। শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদক মষিমূৰ কৰাৰ প্ৰয়াস বুলি অভিহিত কৰে ।

ভাটনগৰৰ অভিযোগ অনুসৰি কেন-বেতোৱা লিংক প্ৰজেক্ট, মাঝগাঁও বান্ধ, ৰুঞ্জ, নৈগাঁও, আৰু এন টি পি চিৰ সৈতে জড়িত বিভিন্ন জলসিঞ্চন প্ৰকল্পৰ বিষয়া আৰু দালালৰ মাজত গোপন বুজাবুজিৰ জৰিয়তে ৪০০ কোটিৰো অধিক ধনৰ বৃহৎ কেলেংকাৰী সংঘটিত হৈছে। ভুৱা গ্ৰাম সভাৰ জৰিয়তে অযোগ্য লোকক কোটি কোটি টকা ক্ষতিপূৰণ বিতৰণ কৰাৰ বিপৰীতে এতিয়াও ৫০ হাজাৰৰো অধিক প্ৰকৃত যোগ্য স্থানচ্যুত লোকে নিজৰ অধিকাৰ বিচাৰি ঘৰে ঘৰে ঘূৰি ফুৰিছে।

আনহাতে, ছটাৰপুৰ আৰু পান্না জিলা প্ৰশাসনে এই কাৰ্যক আইন-শৃংখলা বজাই ৰখাৰ বাবে প্ৰয়োজনীয় বুলি অভিহিত কৰিছে। ছটাৰপুৰ জিলা প্ৰশাসনৰ মতে, প্ৰতিবাদকাৰীৰ অধিকাংশই চুবুৰীয়া পান্না জিলাৰ ৰুঞ্জ আৰু মাঝগাঁও জলসিঞ্চন প্ৰকল্পৰ দ্বাৰা ক্ষতিগ্ৰস্ত, আৰু ছটাৰপুৰ জিলাৰ ক্ষতিপূৰণ বা স্থানচ্যুতি প্ৰক্ৰিয়াৰ সৈতে তেওঁলোকৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই।

বিজাৱাৰৰ এছডিএম বিজয় দ্বিবেদীয়ে উল্লেখ কৰে যে বুণ্ডেলখণ্ডৰ পানীৰ নাটনি দূৰ কৰাৰ বাবে কেন-বেতৱা লিংক প্ৰজেক্ট ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰকল্প। পান্না জিলাৰ ৰাইজৰ অভাৱ-অভিযোগ সমাধানৰ দায়িত্ব পান্নাৰ স্থানীয় প্ৰশাসনৰ। সেয়ে প্ৰতিবাদকাৰীসকলে নিজ নিজ গৃহ জিলালৈ উভতি আহি কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিব লাগে। প্ৰশাসনে প্ৰতিবাদকাৰীসকলক শান্তিপূৰ্ণভাৱে ঘৰলৈ উভতি যাবলৈ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande