ৰাষ্ট্ৰপতি মুৰ্মু তিনিখন দেশৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত মলদোভালৈ ৰাওনা
নতুন দিল্লী, ১৯ জুলাই (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সাতদিনীয়া তিনিখন দেশৰ ৰাজ্যিক ভ্ৰমণৰ প্ৰথম পৰ্য্যায়ৰ বাবে দেওবাৰে মলদোভা অভিমুখে ৰাওনা হয়। তেওঁ ১৯ আৰু ২০ জুলাইত মলদোভালৈ ৰাজ্যিক ভ্ৰমণ কৰিব। মলদোভা ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি মুৰ্মুৱে তে
नई दिल्ली से मोल्दोवा की राजकीय यात्रा के लिए रवाना होने से पहले राष्ट्रपति द्रौपदी मुर्मु।


নতুন দিল্লী, ১৯ জুলাই (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সাতদিনীয়া তিনিখন দেশৰ ৰাজ্যিক ভ্ৰমণৰ প্ৰথম পৰ্য্যায়ৰ বাবে দেওবাৰে মলদোভা অভিমুখে ৰাওনা হয়। তেওঁ ১৯ আৰু ২০ জুলাইত মলদোভালৈ ৰাজ্যিক ভ্ৰমণ কৰিব।

মলদোভা ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি মুৰ্মুৱে তেওঁৰ সমকক্ষ ৰাষ্ট্ৰপতি মাইয়া ছাণ্ডুৰ সৈতে দ্বিপাক্ষিক আৰু প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ’ব আৰু মলদোভা সংসদৰ অধ্যক্ষ ইগ’ৰ গ্ৰ’ছুৰ সৈতেও সাক্ষাৎ কৰিব।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে উল্লেখ কৰে যে ৰাষ্ট্ৰপতি মুৰ্মু ১৯ জুলাইৰ পৰা ২৫ জুলাইলৈ মলদোভা, উত্তৰ মেচিডোনিয়া, আৰু ৰোমানিয়ালৈ ৰাজ্যিক ভ্ৰমণলৈ যাব। এই ভ্ৰমণে তিনিওখন দেশৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব।

মলদোভা ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি মুৰ্মু আৰু ৰাষ্ট্ৰপতি মাইয়া চাণ্ডুৱে বিভিন্ন দ্বিপাক্ষিক বিষয়ত আলোচনা কৰিব। কৃষি, স্বাস্থ্যসেৱা, ঔষধ, তথ্য প্ৰযুক্তি, শিক্ষা আদি ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ সম্ভাৱনাৰ বিষয়েও আলোচনা কৰা হ’ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰিছে যে এই ক্ষেত্ৰসমূহত দুয়োখন দেশৰ মাজত পাৰস্পৰিকভাৱে লাভজনক অংশীদাৰিত্বৰ বিপুল সম্ভাৱনা আছে।

মলদোভা ভ্ৰমণৰ পিছত ৰাষ্ট্ৰপতি মুৰ্মুৱে ২১ আৰু ২২ জুলাইত উত্তৰ মেচিডোনিয়ালৈ যাত্ৰা কৰিব। ভাৰতীয় ৰাষ্ট্ৰপতিৰ এয়াও হ’ব এই দেশলৈ প্ৰথম ৰাজ্যিক ভ্ৰমণ। তাত ৰাষ্ট্ৰপতি গৰ্ডানা চিলজানোভস্কা-ডাভকোভাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব, প্ৰধানমন্ত্ৰী হৃষ্টিজান মিকোস্কি আৰু সংসদৰ অধ্যক্ষৰ সৈতে সাক্ষাৎ কৰিব আৰু উত্তৰ মেচিডোনিয়াৰ সংসদত ভাষণ দিব। ভাৰত-উত্তৰ মেচিডোনিয়া ব্যৱসায়িক মঞ্চতো ভাষণ দিব ৰাষ্ট্ৰপতিগৰাকীয়ে। কৃষি, ঔষধ, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তি, আৰু তথ্য-প্ৰযুক্তি ভিত্তিক সেৱাৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ ওপৰতো আলোচনা অনুষ্ঠিত হ’ব।

ভ্ৰমণৰ অন্তিম পৰ্যায়ত ৰাষ্ট্ৰপতি মুৰ্মুৱে ২৩ জুলাইৰ পৰা ২৫ জুলাইলৈ ৰোমানিয়ালৈ ৰাজ্যিক ভ্ৰমণ কৰিব। তিনি দশকৰো অধিক সময়ৰ ভিতৰত ভাৰতৰ ৰাষ্ট্ৰপতিৰ ৰোমানিয়া ভ্ৰমণৰ এয়া হ’ব প্ৰথম। তাত ৰাষ্ট্ৰপতি নিকুচ’ৰ ডানৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব, ভাৰত-ৰোমানিয়া ব্যৱসায়িক মঞ্চত ভাষণ দিব, ভাৰতীয় সম্প্ৰদায়ৰ প্ৰতিনিধিৰ সৈতে সাক্ষাৎ কৰিব।

ইউৰোপীয় সংঘৰ ভিতৰত ৰোমানিয়া ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ। ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিৰ দিশত অগ্ৰগতিৰ ফলত অনাগত বছৰবোৰত দুয়োখন দেশৰ মাজত অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব বুলি আশা কৰা হৈছে।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande