মণিপুৰত নিৰাপত্তা বাহিনীৰ বৃহৎ অভিযান চলায়, ড্ৰাগছ সৰবৰাহকাৰী, উগ্ৰপন্থী, ধনদাবী কৰোতা গ্ৰেপ্তাৰ
ইম্ফল, ১৯ জুলাই (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে বিগত ২৪ ঘন্টাত বিভিন্ন জিলাত ধাৰাবাহিক অভিযান আৰম্ভ কৰি ড্ৰাগছ সৰবৰাহকাৰী, উগ্ৰপন্থী, ধনদাবীৰ বিৰুদ্ধে বৃহৎ অভিযান চলাইছে। লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ, অস্ত্ৰ-শস্ত্ৰ, গুলীও জব্দ কৰা হয়। ১৮ জুলাই
Images Related to the Manipur Operations.


ইম্ফল, ১৯ জুলাই (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে বিগত ২৪ ঘন্টাত বিভিন্ন জিলাত ধাৰাবাহিক অভিযান আৰম্ভ কৰি ড্ৰাগছ সৰবৰাহকাৰী, উগ্ৰপন্থী, ধনদাবীৰ বিৰুদ্ধে বৃহৎ অভিযান চলাইছে। লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ, অস্ত্ৰ-শস্ত্ৰ, গুলীও জব্দ কৰা হয়।

১৮ জুলাইত ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ অভিযানৰ অংশ হিচাপে নিৰাপত্তা বাহিনীয়ে খুমান লম্পক অঞ্চলৰ পৰা মহম্মদ ইউছুব ওৰফে কাকি ওৰফে জাকিৰ (৪১)ক গ্ৰেপ্তাৰ কৰে। তেওঁৰ হাতৰ পৰা প্ৰায় ৬.২ কিলোগ্ৰাম ক্রিষ্টাল মেথামফেটামাইন (বৰফৰ ড্ৰাগছ)ৰ ছটা পেকেট আৰু এখন টিভিএছ জুপিটাৰ স্কুটাৰ উদ্ধাৰ কৰা হৈছে।

সেইদিনা ইম্ফল ইষ্ট জিলাৰ হেইংগাং থানা এলেকাৰ পৰা ইউ আৰ এফ (ইউনাইটেড ৰিভল্যুচনেৰী ফ্ৰণ্ট)ৰ সক্ৰিয় উগ্ৰপন্থী মহম্মদ লেহিমুদ্দিন ওৰফে ইয়াংবা (৩৭)কো গ্ৰেপ্তাৰ কৰা হয়।

চুৰাচান্দপুৰ জিলাৰ থিংকাংফাই গাঁৱত এখন বলেৰো বাহনৰ তালাচীৰ সময়ত নিৰাপত্তাৰক্ষীয়ে ব্ৰাউন চুগাৰ বুলি সন্দেহ কৰা ৮১টা চাবোনৰ বাকচৰ পেকেট উদ্ধাৰ কৰে। মাংখানথাং কিপগেন (৩৩) নামৰ চালকজনক গ্ৰেপ্তাৰ। ডি আৰ আইয়ে দাখিল কৰা এন ডি পি এছৰ কেইবাটাও গোচৰত তেওঁক বিচাৰি আছে।

ছয়জন নগা ব্যক্তিক অপহৰণ কৰি হত্যা কৰাৰ তদন্তৰ সময়ত এন আই এ, মণিপুৰ আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ দলে লুংগৌলাল বৈফেই আৰু লুনমিনথাং ছিথলৌ ওৰফে জেকক গ্ৰেপ্তাৰ কৰে। এই গোচৰৰ আন অভিযুক্তৰ সন্ধান অব্যাহত আছে।

কাংপকপি জিলাৰ কোটলেনৰ জিৰ’ পইণ্ট অঞ্চলৰ পৰা নিৰাপত্তা বাহিনীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে এটা .২২ ৰাইফল, ১৫টা একক বেৰেল ৰাইফল, তিনিটা ৯ এম এম পিষ্টল, এটা .২২ পিষ্টল, পাঁচটা ইম্প্ৰভাইজড মৰ্টাৰ, ১০৭টা লাইভ কাৰ্টিজ, ২০৫টা খালী কাৰ্টিজ, চাৰিটা মটৰ’লাৰ বেটাৰী, আৰু এটা পি ই কে।

১৭ জুলাইত ইম্ফল পূৱ জিলাত কেচিপি (চিটি মেইটেই)ৰ সক্ৰিয় উগ্ৰপন্থী তথা ধনদাবী বুলি অভিযোগ উত্থাপন কৰা খুণ্ডোংবাম ইথোই সিং (৩২)ক গ্ৰেপ্তাৰ কৰা হৈছিল।

ইফালে, চাণ্ডেল জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তৰ সমীপত কে ৱাই কে এলৰ সক্ৰিয় উগ্ৰপন্থী য়াংগাবাম বয়চা মেইটেই ওৰফে বয়নাও (২৯)ক দেশত নিৰ্মিত .২২ পিষ্টল আৰু মটৰ’লাৰ কমিউনিকেচন চেট লৈ গ্ৰেপ্তাৰ কৰা হয়।

নিৰাপত্তা বাহিনীয়ে কয় যে ৰাজ্যখনত বিদ্ৰোহ, ড্ৰাগছ সৰবৰাহ, আৰু সংগঠিত অপৰাধৰ বিৰুদ্ধে অভিযান অবিৰতভাৱে চলি থাকিব।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande