
নতুন দিল্লী, ১৯ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে আন কেইবাজনো নেতাই দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তালৈ জন্মদিনৰ শুভেচ্ছা জনালোঁ । দিল্লীৰ প্ৰগতিৰ প্ৰসাৰ আৰু জনসাধাৰণৰ জীৱন সহজ কৰি তোলাৰ বাবে তেওঁৰ প্ৰচেষ্টা প্ৰশংসনীয় । তেওঁৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলোঁ।
অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত তেওঁ (ৰেখা গুপ্তা) দিল্লীক সুন্দৰ, পৰিষ্কাৰ, স্বাৱলম্বী কৰি তোলাৰ দিশত অহৰহ আগবাঢ়িছে।
ৰাজনাথ সিঙে কয় যে তেওঁ (ৰেখা গুপ্তাই) দিল্লীৰ নাগৰিকৰ উন্নয়ন আৰু কল্যাণৰ বাবে সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰি আছে। ৰাইজৰ সেৱা আগবঢ়াই দিল্লীৰ উন্নতিত অৰিহণা যোগাওক।
কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে কয় যে, “আপোনাৰ সুস্বাস্থ্য, সুখী আৰু সফল জীৱন আৰু জনসেৱাৰে ভৰা সফল কাৰ্যকালৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো।”
কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে কয় যে ভগৱানে আপোনাক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰক।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ