বতৰ সতৰ্কবাণীৰ মাজতে স্থগিত অমৰনাথ আৰু মাতা বৈষ্ণো দেৱী যাত্ৰা
জম্মু, ১৯ জুলাই (হি.স.। বতৰ বিজ্ঞান বিভাগে জাৰি কৰা ভয়াৱহ বতৰ সতৰ্কবাণীৰ মাজতে সতৰ্কতামূলক ব্যৱস্থা হিচাপে শ্ৰী অমৰনাথ আৰু শ্ৰী মাতা বৈষ্ণো দেৱী যাত্ৰা সাময়িকভাৱে স্থগিত ৰাখিছে কৰ্তৃপক্ষই। অৱশ্যে শনিবাৰেও শ্ৰী অমৰনাথ যাত্ৰা অব্যাহত থাকে, ১৬,০৩৯
বতৰ সতৰ্কবাণীৰ মাজতে স্থগিত অমৰনাথ আৰু মাতা বৈষ্ণো দেৱী যাত্ৰা


জম্মু, ১৯ জুলাই (হি.স.। বতৰ বিজ্ঞান বিভাগে জাৰি কৰা ভয়াৱহ বতৰ সতৰ্কবাণীৰ মাজতে সতৰ্কতামূলক ব্যৱস্থা হিচাপে শ্ৰী অমৰনাথ আৰু শ্ৰী মাতা বৈষ্ণো দেৱী যাত্ৰা সাময়িকভাৱে স্থগিত ৰাখিছে কৰ্তৃপক্ষই।

অৱশ্যে শনিবাৰেও শ্ৰী অমৰনাথ যাত্ৰা অব্যাহত থাকে, ১৬,০৩৯ গৰাকী তীৰ্থযাত্ৰী পবিত্ৰ গুহা মন্দিৰটো পৰিদৰ্শন কৰে। ইয়াৰ লগে লগে যোৱা ৩ জুলাইৰ পৰা যাত্ৰা আৰম্ভ হোৱাৰ পৰা মুঠ তীৰ্থযাত্ৰীৰ সংখ্যা ৩ লাখ ৭৬ হাজাৰ ৭৭৯ জনলৈ বৃদ্ধি পাইছে।

চৰকাৰী তথ্য অনুসৰি শনিবাৰে পূজা কৰাসকলৰ ভিতৰত আছে ১১,৭৮৫ জন পুৰুষ তীৰ্থযাত্ৰী, ৩,৫২৭ জন মহিলা তীৰ্থযাত্ৰী, ২৩৫ জন শিশু, ১০৩ জন সাধু, ১৯ জন সাধ্বী, ৫ জন হিজড়া ভক্ত আৰু ৩৬৫ জন নিৰাপত্তাৰক্ষী।

ইফালে, কটকটীয়া নিৰাপত্তাৰ মাজতে শনিবাৰে পুৱা জম্মুৰ ভাগৱতী নগৰ যাত্ৰী নিৱাসৰ পৰা ৩৬৩২ জনীয়া ১৭ নং বেটচ যাত্ৰা কৰি কাশ্মীৰত উপস্থিত হয়।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে জাৰি কৰা বেয়া বতৰৰ সতৰ্কবাণীৰ পিছতে ১৯ জুলাই দেওবাৰৰ পৰা পেহেলগাম আৰু বাল্টাল দুয়োটা পথৰ পৰা অমৰনাথ যাত্ৰা সাময়িকভাৱে বন্ধ কৰি দিছে কৰ্তৃপক্ষই। চৰকাৰী বিবৃতি অনুসৰি তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা আৰু মংগলৰ কথা মনত ৰাখি সতৰ্কতামূলক ব্যৱস্থা হিচাপে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিবৃতিটোত কোৱা হৈছে যে আগন্তুক কেইদিনমানৰ ভৱিষ্যদ্বাণী কৰা প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত আৰু তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা আৰু মংগলৰ বাবে শ্ৰী অমৰনাথজী যাত্ৰা ২০২৬ চনৰ ১৯ জুলাইৰ পৰা পেহেলগাম আৰু বালতাল দুয়োটা পথৰ পৰা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে।

কাশ্মীৰৰ সংমণ্ডল আয়ুক্ত অংশুল গাৰ্গে কয় যে দেওবাৰৰ পৰা তীৰ্থযাত্ৰীক বালতাল আৰু নুনৱান/চন্দনৱৰী বেছ কেম্পৰ পৰা আৰু আগবাঢ়ি যাবলৈ দিয়া নহ’ব। বতৰৰ পৰিস্থিতিৰ সম্যক মূল্যায়ন আৰু দুয়োটা পথ তীৰ্থযাত্ৰীৰ বাবে সুৰক্ষিত বুলি নিশ্চিত কৰাৰ পিছতহে তীৰ্থযাত্ৰা পুনৰ আৰম্ভ হ’ব বুলি প্ৰশাসনে উল্লেখ কৰে।

বতৰৰ পৰিস্থিতিৰ সম্যক মূল্যায়ন আৰু দুয়োটা পথ তীৰ্থযাত্ৰীৰ বাবে সুৰক্ষিত বুলি নিশ্চিত কৰাৰ পিছতহে তীৰ্থযাত্ৰা পুনৰ আৰম্ভ হ’ব বুলি প্ৰশাসনে উল্লেখ কৰে। যথা সময়ত তীৰ্থযাত্ৰা আৰম্ভ কৰাৰ সন্দৰ্ভত আপডেট প্ৰদান কৰা হ’ব।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে জাৰি কৰা ভয়াৱহ বতৰৰ সতৰ্কবাণীৰ পিছত তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা আৰু মংগল সুনিশ্চিত কৰাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে শ্ৰী মাতা বৈষ্ণো দেৱী যাত্ৰা সাময়িকভাৱে স্থগিত ৰখা হৈছে।

অঞ্চলটোত ভয়াৱহ বতৰৰ পূৰ্বানুমানৰ পিছতে জনস্বাৰ্থ আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। ভক্তসকলক কৰ্তৃপক্ষৰ সৈতে সহযোগিতা কৰাৰ লগতে পৰৱৰ্তী জাননী নিদিয়ালৈকে তীৰ্থযাত্ৰা কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। তীৰ্থযাত্ৰা পুনৰ আৰম্ভ কৰাৰ সন্দৰ্ভত শেহতীয়া তথ্যৰ বাবে চৰকাৰী সংবাদ মাধ্যমৰ সৈতে সংযুক্ত হৈ থাকিবলৈ তীৰ্থযাত্ৰীসকলক অনুৰোধ জনোৱা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande