
নতুন দিল্লী, ১৮ জুলাই (হি.স.)। দিল্লী আৰক্ষীয়ে বিগত ২০ দিন ধৰি যন্তৰ মন্তৰত অনশন কৰি থকা পৰিৱেশবিদ সোণম ৱাংচুকক শনিবাৰে পুৱা ছফদৰজং চিকিৎসালয়ত ভৰ্তি কৰায় । ককৰোচ জনতা পাৰ্টিৰ ছ’চিয়েল মিডিয়া প্ৰচাৰ আৰু প্ৰতিবাদৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰে।
ছফদৰজং হাস্পতালে প্ৰকাশ কৰা অনুসৰি আজি পুৱা সোণম ৱাংচুকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁৰ চিকিৎসা পৰীক্ষা চলি আছে। সবিশেষ তথ্য শীঘ্ৰে প্ৰদান কৰা হ'ব।
দিল্লী আৰক্ষীয়ে জনোৱা মতে, উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰি আৰু সোণম ৱাংচুকৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে আজি সোণম ৱাংচুকক ছফদৰজং হাস্পতালত ভৰ্তি কৰোৱা হয়। প্ৰতিবাদস্থলীৰ পৰা তেওঁক কঢ়িয়াই নিয়াৰ সময়তে চিজেপি কৰ্মীয়ে অৱৰোধ সৃষ্টি কৰে। আৰক্ষীয়ে অনুৰোধ জনাইছে যে সকলো চিজেপি কৰ্মীয়ে শান্তিপূৰ্ণভাৱে যন্তৰ মন্তৰ খালী কৰক।
চিজেপি কৰ্মীৰ দাবী, অসামৰিক পোছাকত আহি দিল্লী আৰক্ষীয়ে প্ৰতিবাদস্থলীত উপস্থিত হৈ শ্ৰমিকক আক্ৰমণ কৰে। খবৰ অনুসৰি দিল্লী আৰক্ষীৰ কার্যসূচীৰ সময়ত আন্দোলনৰ নেতা অভিজীত দিপিকে উপস্থিত নাছিল৷ দলটোৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত উল্লেখ আছে যে ঘটনাৰ সময়ত তেওঁ গা ধুবলৈ গৈছিল। ভিডিঅ’ মেছেজত দিপিকে কয় যে তেওঁক বন্ধুৰ ঘৰত আৰক্ষীয়ে বলপূৰ্বকভাৱে আটক কৰি ৰাখিছিল আৰু তেওঁক আক্ৰমণ কৰা হৈছে। তেওঁ প্ৰতিবাদ অব্যাহত ৰাখিবলৈ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া