
ৰাজৌৰী, ১৮ জুলাই (হি.স.)। জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া টাৰকুণ্ডী ছেক্টৰত শুকুৰবাৰ আৰু শনিবাৰৰ মাজৰ নিশা পাকিস্তান সেনাই প্ৰচণ্ড ক্ষুদ্ৰ অস্ত্ৰৰে গুলীচালনা কৰে। ভাৰতীয় সেনাই তীব্ৰ প্ৰত্যাক্ৰমণ কৰে। এই খবৰ লিখাৰ সময়লৈকে কোনো ধৰণৰ হতাহতি বা সা-সম্পত্তিৰ ক্ষতিৰ খবৰ পোৱা নাই।
অনুমান কৰা হৈছে যে পাকিস্তানে পিঅকেৰ পৰিস্থিতিৰ পৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মনোযোগ আঁতৰাবলৈ নিয়ন্ত্ৰণ ৰেখাত গুলীচালনা কৰিছিল। অনুপ্ৰৱেশৰ সন্দেহও কৰা হৈছে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় সেনাই আৰম্ভ কৰিছে অনুসন্ধান অভিযান। বিতং তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া